দৰং জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ইউনিটি উই দ্যা ব্লাড ড’নাৰ্চ ৰ ৩য় বৰ্ষপুতি অনুষ্ঠান সম্পন্ন

দৰঙৰ মানৱ দৰদী লোকৰ মহানুভৱতাৰ একমাত্ৰ পৰিচয় “ইউনিটি উই দ্যা ব্লাড ড’নাচ্চ”।মানৱ সমাজত পৰম্পৰাগত ভাৱে ক্ৰমে বিবাহত কন্যাদান,ভূমিদান,বস্ত্ৰদান,অন্নদান,বিদ্যাদান আদি মহান ব্যক্তিসকলে দি আহিছে যদিও এই দানতকৈয়ো মানৱ জীৱনত সৰ্বশ্ৰেষ্ঠ দান “ৰক্তদান”।এদিনীয়া কায্যসূচীৰে পালন কৰা ৩য় বৰ্ষপূতি অনুষ্ঠানৰ প্ৰাঞ্জল গোস্বামী সোঁৱৰণী মঞ্চত এচ আৰ ডিৰ স্বত্বাধিকাৰী ৰাজীৱ ডেকা,ডাঃঅমৰেন্দ্ৰ নাৰায়ণ দেৱ,হৰিমন ডেকাৰ উপৰিও ৰক্তদানৰ সতে জড়িত অসমৰ ভিন্নপ্ৰান্তৰ ৰক্তদাতা সকলে অংশগ্ৰহণ কৰে।প্ৰতিষ্ঠাদিৱসৰ কায্যসূচীত বিশিষ্ট চিকিৎসক ডাঃঅমৰেন্দ্ৰ নাৰায়ণ দেৱে স্মৃতিগ্ৰন্থ”ৰুধিৰ” উদ্বোধন কৰি ভাষন প্ৰসংগত কয় যে Service to man then service to God. গতিকে মন্দিৰত যোৱাতকৈ আৰ্তজনৰ ওচৰত খা-খবৰলৈ মানৱীয়তাৰে শ্ৰেষ্ঠতাৰ পৰিচয় দিয়াৰ আহ্বান জনায়৷ইউনিটি উই দ্যা ব্লাড ড’নাৰ্চে জন্মলগ্নৰে পৰা তিনি বছৰীয়া কাৰ্যকালত বহু হাজাৰ আৰ্তৰোগীক ৰক্তদানেৰে ৰোগী তথা পৰিয়ালৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে।

মঙলদৈ জিলা পুঁথভড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলিসভাৰ কাযসূচীত উপস্থিত ৰাইজে এই মহান স্বেস্বাসেৱী সংগঠনৰ কৰ্মকৰ্তাসকলৰ অহোপুৰুষাৰ্থ আৰু মহানতাক ভূয়সী প্ৰসংসা কৰাৰ লগতে কৃতজ্ঞতা প্ৰকাশ কৰা পৰলক্ষিত হ’ল।

Related Articles