Breaking

হাজোৰ হালোগাঁৱত তৃতীয় বাৰ্ষিক ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতাৰ শুভাৰম্ভ

0 57

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত লঙ্কেশ্বৰ দাস স্মৃতি ন্যাসৰ উদ্যোগত তথা হালোগাঁও সেৱক সংঘ আৰু পুথিভঁৰালৰ সহযোগত দুদিনীয়াকৈ শশাঙ্ক দাস সোঁৱৰণী তৃতীয় বাৰ্ষিক “ৰূপালীম” একাঙ্কিকা নাট প্ৰতিযোগিতা’ৰ শুভাৰম্ভ হৈছে। দেওবাৰে সন্ধিয়া সাত বজাৰ পৰা সদৌ অসম ভিত্তিত দুদিনীয়াকৈ অনুষ্ঠিত নাট প্ৰতিযোগিতাৰ শুভ উদ্ধোধন কৰি বিশিষ্ট চলচিত্ৰ অভিনেতা যতীন বৰাই কয়, লঙ্কেশ্বৰ দাস স্মৃতি ন্যাসৰ এই পদক্ষেপে উঠি অহা নৱ প্ৰজন্মক এক প্ৰেৰনামূলক শিক্ষা প্ৰদান কৰিব।

ক’ভিডৰ পৰিপ্ৰেক্ষিতত যোৱাটো দুটা বৰ্ষ শিল্পী সমাজৰ বাবে ভাল সময় নাছিল। যাৰ ফলশ্ৰুতিত শিল্পী-কলা-কুশলী সকলে অনেক কষ্টৰ জীৱন অতিবাহিত কৰিব লগীয়াত পৰিছিল।গতিকে অনাগত দিনত এনে ব্যাধি পুনৰ আবিৰ্ভাৱ নহওক, তাকেই কামনা কৰে বিশিষ্ট অভিনেতা যতীন বৰাই। তদুপলক্ষে অনুস্থিত সভাত ” ৰূপালীম” শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰি চলচিত্ৰ পৰিচালক তথা অভিনেতা ভগৱৎ প্ৰিতমে কয়, অসমৰ নাট্য আন্দোলনক অনাগত দিনত একাঙ্কিকা নাট প্ৰতিযোগিতাই এখোপ আগবঢ়াই নিয়াত অৰিহণা যোগাব। লঙ্কেশ্বৰ দাস স্মৃতি ন্যাসৰ উদ্যোগত আৰু হালোগাও সেৱক সংঘ আৰু পুথিভঁৰালৰ সহযোগত অনুস্থিত এনে ধৰনৰ পদক্ষেপ প্ৰশংসনীয়।

মৃনাল ঠাকুৰীয়াই আঁতধৰা আৰু স্মৃতি ন্যাসৰ সম্পাদক শঙ্কৰ দাসে আদৰণি ভাষন দিয়া এই সভাতে বিশিষ্ট অভিনেত্ৰী ৰেৱা ফুকন,বিশিষ্ট অভিনেতা পল ফুকন, লঙ্কেশ্বৰ দাসৰ সহধৰ্মিনী নিহাৰিকা দাস, প্ৰয়াত শশাংক দাসৰ পত্নী দময়ন্তী কলিতা,হালোগাওঁ সেৱক সংঘ আৰু পুথিভঁৰালৰ সভাপতি নাৰায়ন চন্দ্ৰ কলিতাকে ধৰি কেইবা গৰাকীও বিশিষ্ট ব্যাক্তি উপস্থিত থাকে। অনুস্থানত শলাগ লয় জিলা পৰিষদৰ সদস্য বিপুল দাসে। ইয়াৰ পিছতে নগাঁও জ্যোতিশিল্প নাট্য দলৰ ” ত্ৰাহি দেৱ দামোদৰ, কৈঠালকুছি সুনাগ নাট্য গোষ্ঠীৰ ” ফিক্স ডিপোজিত” আৰু হাজো নাট্য গোষ্ঠীৰ” ৰাৱণ” নাট তিনিখনৰ মাজত প্ৰতিযোগিতা’ৰ শুভাৰম্ভণি হ’য়।

Leave A Reply