Breaking

বঙাইগাঁৱত চুৰি সামগ্ৰীসহ ৪ জনক আটক

0 148

বঙাইগাঁৱৰ উত্তৰ বঙাইগাঁও আৰক্ষীয়ে চুৰিৰ ঘটনাৰ সৈতে জড়িত চক্রক কৰায়ত্ত কৰাৰ বাবে চলোৱা অভিযানত চাৰিজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে ৷ লগতে উদ্ধাৰ কৰিছে বিভিন্ন চুৰিৰ সামগ্ৰী ৷ উল্লেখ্য যে চহৰখনৰ নতুনপাৰাস্থিত ৰামকৃষ্ণ সেৱাশ্ৰমত শনিবাৰে নিশা সংঘটিত হৈছিল এক চুৰি কাণ্ড ৷

চোৰে তলা ভাঙি সোণ – ৰূপৰ আ- অলংকাৰৰ লগতে মন্দিৰত ব্যৱহৃত কাহ- পিতলৰ সামগ্ৰী চুৰি কৰি নিছিল ৷ একেদৰে উত্তৰ বঙাইগাঁৱৰ এটা এটিএম ভাঙিও ধন লুটৰ চেষ্টা চলাইছিল দুৰ্বৃত্তই ৷ এই ঘটনাই আৰক্ষী প্রশাসনক উদ্বিগ্ন কৰি তোলে ৷ ইয়াৰ পিছতেই আৰক্ষীয়ে অপৰাধজনিত ঘটনাত জড়িত চক্রক আটকৰ বাবে জোৰদাৰ অভিযান আৰম্ভ কৰে ৷

এই অভিযানৰ অংশ হিচাপে উত্তৰ বঙাইগাঁও তহলদাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে দেওবাৰে নিশা চোৰাং সামগ্রী ক্রয় কৰা দুজন ব্যক্তিক আটক কৰে ৷ ইয়াৰে বঙাইগাঁৱৰ গুৰুনানক নগৰৰ পৰা হাজিবুল ইছলামক আটক কৰাৰ বিপৰীতে নিউ বঙাইগাঁও ভাওলাগুৰিৰ পৰা আব্দুল আলী নামৰ ব্যক্তিক আটক কৰে ৷ লগতে উদ্ধাৰ কৰে ৰামকৃষ্ণ সেৱাশ্ৰমৰ পৰা চুৰি হোৱা কিছু কাঁহ- পিতলৰ সামগ্ৰীসহ চুৰি বেটেৰী তথা আন বিভিন্ন চুৰিৰ সামগ্ৰী ৷

আনহাতে আৰক্ষীয়ে আটকাধীন ব্যক্তিদ্বয়ৰ স্বীকাৰোক্তিৰ ভিত্তিত এই চুৰি চক্রৰ মূল অভিযুক্ত কমলেশ্বৰ ৰায় আৰু বিক্রম বণিক্যক সোমবাৰে অভিযান চলাই ডাংতলাৰ পৰা আটক কৰে ৷ উল্লেখ্য যে আৰক্ষীৰ দলক দেখা পোৱা মাত্ৰকে অপৰাধ চক্রৰ মূল অভিযুক্ত কমলেশ্বৰ ৰায়ে ডাংতলাৰ কাষৰ কুঁজিয়া নৈত জাপ দি পলাবলৈ চেষ্টা কৰে যদিও অভিযানকাৰী আৰক্ষীয়ে নদীত নামি গৈ কমলেশ্বৰ ৰায়ক আটক কৰিবলৈ সক্ষম হয় ৷

অৱশ্যে আৰক্ষীয়ে ৰামকৃষ্ণ সেৱাশ্ৰমৰ চুৰি হোৱা সোণ-ৰূপৰ আ-অলংকাৰ বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও উদ্ধাৰৰ প্রচেষ্টা অব্যাহত ৰাখিছে ৷

Leave A Reply