Breaking

সাতগাঁৱত সদ্যঘোষিত অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ ৪ কৃতিমানক সম্বৰ্ধনা

0 79

সৰুৰে পৰাই এজন প্ৰশাসনিক বিষয়া হিচাপে দেশৰ লগতে দহৰ হকে কাম কৰাৰ এটা সপোন পুহি ৰাখিছিলো। ডাঙৰ হৈ অহাত এই সপোনে আৰু অধিক হেঁচা মাৰি ধৰিছিল। কেতিয়াবা এনে দিন, এনে ৰাতি পাৰ কৰিছিলোঁ যে এই সপোন বোৰ সাকাৰ কৰাৰ তাগিদাত শুবলৈ যাব পৰা নাছিলোঁ। এতিয়া এটা সপোন পুৰণ হল আৰু ৰাজপত্ৰিত বিষয়া হোৱাৰ গৌৰৱ অৰ্জন কৰিলো। অলপতে মহানগৰীৰ সাতগাঁও লাচিত পুথিভঁৰালৰ উদ্যোগত আৰু সাতগাঁও স্বৰ্ণ শাখা সাহিত্য সভা, জ্যেষ্ঠ নাগৰিক সন্মিলন, মহাবাহু আৰু সাতগাঁও সমন্বয় সমিতিৰ সহযোগত বৃহত্তৰ সাতগাঁও অঞ্চলৰ সদ্যঘোষিত অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ কৃতিমান সকলক সম্বৰ্ধনা আৰু প্ৰশস্তি পত্ৰ প্ৰদান অনুষ্ঠানত এই মন্তব্য প্ৰদান কৰে সাতগাঁও, দলবাৰিৰ সুযোগ্য পিতৃ পৰেশ দাসৰ কণ্যা ৰোজলিনা শৰণীয়াই।

অনুষ্ঠানত অঞ্চলটোৰ আন তিনি কৃতিমান ক্ৰমে পাঞ্চালি দেৱী, দীপাংকৰ দাস আৰু অনন্যা দত্তকো সম্বৰ্ধনা আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত দীপাংকৰ আৰু অনন্যাৰ অনুপস্থিতিত তেওঁলোকৰ অভিভাৱকৰ হাতত প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়। অন্যহাতে দলবাৰি অঞ্চলৰে পিতৃ প্ৰয়াত অবনি বৰঠাকুৰ আৰু মাতৃ সন্ধ্যা দেৱীৰ কন্যা পাঞ্চালি দেৱীয়ে সম্বৰ্ধনা গ্ৰহণ কৰি এই কৃতিত্ব প্ৰাপ্তিৰ বাবে পিতৃ মাতৃৰ অবদান আৰু তেওঁলোকৰ সপোন বোৰ দিথকত পৰিণত কৰাৰ বাবে পুহি ৰখা হাবিযাসৰ ফল বুলি মন্তব্য প্ৰদান কৰে।

অন্যহাতে দীপাংকৰ দাসৰ পিতৃ ৰামেশ্বৰ দাস আৰু অনন্যা দত্তৰ পিতৃ ৰাতুল মহন্তই নিজ সন্তানৰ হৈ এই প্ৰশস্তি পত্ৰ গ্ৰহণ কৰি সন্তানৰ বাবে লাভ কৰা এই আনন্দ জীৱনৰ এটা ডাঙৰ প্ৰাপ্তি বুলি মন্তব্য প্ৰদান কৰে। সভাপতিৰ ভাষণত সাতগাঁও লাচিত পুথিভঁৰালৰ সভাপতি ভবেন চন্দ্ৰ দাসে অতীজতে অপতীৰ্ণ সদৃশ দলনিৰে ভৰি থকা দলবাৰিত পৰবৰ্তী পৰ্যায়ত বহুল জন বসতিৰ স্থল হৈ পৰাত এই স্থানতে ডাঙৰ দীঘল হোৱা ৰোজলিনা আৰু পাঞ্চালিৰ লগতে নিকটবৰ্তী দীপাংকৰ আৰু অনন্যাই এই অঞ্চললৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিছে। আমি তেওঁলোকৰ ভৱিষ্যত উজ্বল কামনা কৰাৰ লগতে তেওঁলোকৰ পথেৰে অঞ্চলটোৰ আৰু বহু ৰজপত্ৰিত বিষয়া ওলাই অহাটো কামনা কৰিছো।

অনুষ্ঠানত কৃতিমান সকলৰ অভিভাৱক ক্ৰমে পৰেশ দাস, ৰামেশ্বৰ দাস, সন্ধ্যা দেৱী আৰু ৰাতুল মহন্তৰ লগতে অঞ্চল টোৰ বিশিষ্ট ব্যক্তি ফুলেশ্বৰ ডেকা, প্ৰফুল্ল বৰ্মন, দুলুমনি বৰঠাকুৰ আৰু ইন্দ্ৰ মোহন শৰ্মাই ভাষণ দিয়াৰ লগতে উপেন গোস্বামীয়ে শলাগৰ শৰাই আগবঢ়াই।

Leave A Reply