Breaking

পাকিস্তানৰ হিন্দু মন্দিৰক সুৰক্ষা দিব ৪০০ আৰক্ষীয়ে। ৰকেট লঞ্চাৰে আক্ৰমণৰ পিছতে এই সিদ্ধান্ত…

0 59

পাকিস্তানৰ হিন্দু মন্দিৰক সুৰক্ষা দিব ৪০০ আৰক্ষীয়ে। ৰকেট লঞ্চাৰে আক্ৰমণৰ পিছতে এই সিদ্ধান্ত। বিগত সময়ত পাকিস্তানত হিন্দু মন্দিৰত আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে। মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰতে পাকিস্তানৰ দুটা মন্দিৰ আক্ৰমণকাৰীৰ লক্ষ্য হৈ পৰিছে, যি এক চিন্তনীয় বিষয়। পাকিস্তানত হিন্দু মন্দিৰ ভঙাৰ খবৰ আহিছে। শনিবাৰে কৰাচীৰ ১৫০ বছৰীয়া এটা মন্দিৰ ভাঙি পেলোৱাৰ পাছত দেওবাৰে আন এটা হিন্দু মন্দিৰক লক্ষ্য কৰি লোৱা হয়। দেওবাৰে সন্ত্ৰাসবাদীয়ে সিন্ধৰ কাছমোৰত হিন্দু মন্দিৰত আক্ৰমণ চলায়। এই ঘটনাক গুৰুত্বসহকাৰে লৈ চৰকাৰে হিন্দু মন্দিৰৰ নিৰাপত্তা বৃদ্ধি কৰিছে। এক প্ৰতিবেদন অনুসৰি সিন্ধুৰ মন্দিৰৰ নিৰাপত্তাৰ বাবে মোতায়েন কৰা হৈছে ৪০০ৰো অধিক হিন্দু আৰক্ষী।

দেওবাৰে পুৱা কাশ্মোৰৰ এটা হিন্দু মন্দিৰত ৰকেট লঞ্চাৰে আক্ৰমণ কৰে। সমান্তৰালভাৱে অঞ্চলটোত আতংকৰ সৃষ্টি হয়। মন্দিৰৰ আশে-পাশে বসতি স্থাপন কৰা হিন্দু জনগোষ্ঠীৰ ঘৰতো নিৰ্বিচাৰে গুলীচালনা কৰে আক্ৰমণকাৰীয়ে। এনে কাৰ্যৰ পিছতে এতিয়া পাকিস্তানত হিন্দু মন্দিৰত নিৰাপত্তা বৃদ্ধি কৰিছে।

Leave A Reply