Breaking

জাঁজীৰ পৰা ডিমৌলৈকে ৪৪ কিলোমিটাৰ পথ নিৰ্মাণ হৈ নুঠাক লৈ শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ

0 1,069

শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ।জাঁজীৰ পৰা ডিমৌলৈকে ৪৪ কিলোমিটাৰ পথ নিৰ্মাণ হৈ নুঠাক লৈ এই প্ৰতিবাদ।কেন্দ্ৰীয় চৰকাৰৰ NHIDCL বিভাগে এই পথচোৱা নিৰ্মাণৰ নামত কৰি অহা গাফিলতিৰ বাবে যোৱা পাঁচটা বছৰে চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণ নোহোৱাকৈ পৰি ৰোৱাৰ অভিযোগ আনিছে যৌথ সংগ্ৰামী মঞ্চে।আজি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি যৌথ সংগ্ৰামী মঞ্চে এনে অনিয়মৰ তদন্ত দাবী কৰাৰ লগতে অনতিপলমে পথ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ দাবী উত্থাপন কৰে।উল্লেখযোগ্য যে গেনন ডাংকাৰলী নামৰ এক প্ৰতিস্থানে পাঁচ বছৰৰ আগত এই পথচোৱা নিৰ্মাণৰ বাবে ৯০০ কোটি টকাৰ ঠিকা লৈছিল।

কিন্তু উক্ত প্ৰতিষ্ঠানে ভি এছ ডি ইনফ্ৰাকন নামৰ এক প্ৰতিষ্ঠানক উক্ত কামৰ উপঠিকা প্ৰদান কৰে।তেতিয়াৰ পৰা আজিলৈকে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত এক বৃহৎ দুৰ্নীতি সংঘটিত হয় আৰু ঘাইপথৰ নামত এক জৰাজীৰ্ণ পথত ৰাইজে যাতায়ত কৰিব লগা হৈছে।

Leave A Reply