অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীৰ শূন্যসহনশীলতা স্থিতিৰ বিপৰীতে একাংশ ধুৰন্ধৰ অপৰাধীয়ে আৰক্ষীকো ভেঙুচালি কৰি চোৰাং ব্যবসায় অব্যাহত ৰাখিছে। আৰক্ষীৰ চকুত ধুলি দি অবৈধ ব্যৱসায় চলাবলৈ গৈ যোৱা নিশা ৰহা আৰক্ষীৰ হাতত কৰায়ত্ব হল পাঁচটাকৈ চোৰাং গৰু সৰবৰাহকাৰী। জানিব পৰামতে যোৱা নিশা ১১:৪৫ বজাত ৰহা টোলগেটৰ সমীপৰ পৰা ৰহা আৰক্ষীয়ে এই গৰু সৰবৰাহকাৰী কেইটাৰ লগতে ২৫ টাকৈ চোৰাং গৰুভৰ্তি এখন ট্ৰাকো জব্দ কৰে। এই সন্দৰ্ভত নগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই আজি ৰহাত আয়োজিত এক সংবাদমেলত প্ৰকাশ কৰা অনুসৰি তেজপুৰ পাঁচ মাইলৰ পৰা এএচ ২৩ এচি ০৯৭৮ নম্বৰৰ এখন ট্ৰাকত অবৈধ ভাৱে ২৫ টাকৈ গৰু ভৰ্তি কৰি বিক্ৰীৰ বাবে গুৱাহাটীৰ খানাপাৰালৈ আনি থকা বুলি আৰক্ষীয়ে খবৰ লাভ কৰি অভিযান চলায় আৰু ৰহা আৰক্ষীৰ বিশেষ অভিযানত ৰহা টোলগেটৰ সমীপতে গৰু সহ ট্ৰাকখন জব্দ কৰে। গৰু ভৰ্তি ট্ৰাক খনৰ লগতে এএচ ০২এডি ৬১৫৫ নম্বৰৰ এখন চুইফট ডিজায়াৰত অহা পাচটা গৰু সৰবৰাহকাৰীকো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ধৃত গৰু সৰবৰাহকাৰী কেইটা নগাঁও জিলাৰ ৰূপহীহাটৰ ক্ৰমে মুকছিকুল ৰহমান৩২), গুলজাৰ হুছেইন(৩২), ছফিকুল ইছলাম(৪৫), আৰু আমিনুল হুছেইন(৩৭) আৰু আনজন বৰপেটাৰ চন্দ্ৰপুৰৰ আজমত আলী(২৩) বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- লাহৰিঘাটৰ সৰুছলাত বিজেপি আৰু এআইইউডিএফৰ কৰ্মী কংগ্ৰেছৰ দলত আনুষ্ঠানিকভাৱে যোগদান
- গোসাঁইগাঁৱৰ শিমূলটাপু পি জি আৰ গাঁৱৰ ৭৩ টা ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান
- মহানগৰ জিলা কংগ্ৰেছৰ উদোগত খাৰঘূলিত পানীৰ পাইপ ফুটি ঘৰ বিধস্ত হোৱা ২২ টা পৰিয়ালক টিনপাত বিতৰণ
- ছ’চিয়েল মিডিয়াত ইজনে সিজনক কৰিলে আনফ’ল’, গোপনে গোপন প্ৰেমৰ ব্ৰেকআপ ছাৰা-শুভমানৰ…
- হিজাব পিন্ধি খাদ্য খোৱা যুৱতীগৰাকীৰ সমৰ্থনত দংগল অভিনেত্ৰী জাইৰা ৱাছিমে ক’লে- ‘মইও এনেকৈ খাওঁ’…
- ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন
- আমেৰিকাত দুটা ছিঙৰাৰ মূল্য ৫০০ টকা। ছিঙৰাৰ মূল্যক লৈ অতিষ্ঠ ইউটিউবাৰ ড্ৰু হিক
- ৰসাল লিচু স্বাস্থ্যৰ বাবে অতি উপকাৰী, ডায়েবেটিছ ৰোগীয়ে লিচু খাব লাগে নে…
- অনুষ্কা শৰ্মাৰ ডাঙৰ সিদ্ধান্ত! এবছৰত মাত্ৰ ১খন ছবিৰ অভিনয়হে কৰিব অনুষ্কা শৰ্মাই…
- বৰষুণৰ বাবে স্থগিত হ’ল IPLৰ ফাইনেল।অনুৰাগীয়ে ৰে’লৱে ষ্টেচনতে শুই বহি সময় কটালে…