লাহৰীঘাটৰ ভূৰাগাঁও আৰক্ষীৰ জালত ৫ টাকৈ জুৱাৰী গ্ৰেপ্তাৰ

লাহৰীঘাটৰ ভূৰাগাঁও আৰক্ষীৰ জালত ৫ টাকৈ জুৱাৰী গ্ৰেপ্তাৰ। গোপন খবৰৰ ভিত্তিত অভিযান চলাই দেওবাৰে গ্ৰেপ্তাৰ কৰে এই জুৱাৰী কেইটাক। জুৱা খেলি থকাৰ অৱস্থাতে ভূৰাগাঁও চাৰিআলিৰ পৰা গ্ৰেপ্তাৰ কৰে জুৱাৰী কেইটাক।গ্ৰেপ্তাৰ কৰা জুৱাৰী কেইটা হৈছে ছয়দুৰ ৰহমান,লোকমান হেকিম, হামিদুল ইছলাম, ছাদ্দাম হুছেইন আৰু ৰাম দুলাল মাহাতু।জুৱাৰী কেইটাৰ পৰা নগদ ধনৰ লগতে জুৱা খেলত ব্যৱহৃত বহু সামগ্ৰী জব্দ কৰে।ইফালে জুৱাৰী কেইটাৰ বিৰুদ্ধে আৰক্ষীয়ে এটি গোচৰ কৰি আটাইকেইটাকে এনেদৰে জেল-হাজোতলৈ প্ৰেৰণ কৰে।

Related Articles