টংলাৰ মৌগাঁও ১ নম্বৰ বটাবাৰী গাঁও পৰ্যটকৰ বাবে আকৰ্ষণ হৈ পৰিছে কৰ্দৈ ৰিজ’ৰ্ট। ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ কলাইগাওঁ থানাৰ অন্তর্গত ১ নং বটাবাৰীত প্ৰায় ১০০ বিঘা মাটিকালিত কৰ্ম উদ্যোমী যুৱক জয়ন্ত বণিয়াৰ সুপ্ৰচেষ্টাত নান্দনিক পৰিৱেশত গঢ় লৈ উঠিছে কৰ্দৈ ৰিজৰ্ট।বৰ্তমান ৰিজৰ্ট খনত দৈনিক প্ৰায় ৬০/১০০ জন দৰ্শনাৰ্থীৰ আগমন ঘটে বুলি জানিব দিয়ে।বৰ্তমান ৰিজ’ৰ্ট খনত ৰেষ্টুৰেণ্ট , ৰেছিপচন কাউণ্টাৰ ,খেল -ধেমালি সঁজুলি, বুটিং ,থকাৰ ব্যৱস্থা থকাৰ উপৰি অনাগত দিনত শিশু উদ্যান, থকা-খোৱাৰ লগতে প্ৰাকৃতিক সম্পদ তথা গছ-গছনিৰ ওপৰত বিশেষজ্ঞৰ জৰিয়তে কণ-কণ শিশুসকলক শিক্ষা প্ৰদানৰ ব্যৱস্থাও কৰা,ছুইমিং পুল, সভা গৃহ, একুৰীয়াম আৰু গ্লাছৰ ৰেষ্টুৰেণ্ট বনোৱা হ’ব বুলি জানিবলৈ দিয়ে কৰ্দৈ ৰিজ’ৰ্টৰ স্বত্বাধিকাৰী তথা সু-প্ৰতিষ্ঠিত ব্যৱসায়ী জয়ন্ত বনিয়াই। আনহাতে, ৰিজৰ্টখনলৈ আহিবলৈ ঠিকনাৰ সুবিধাৰ্থে অনলাইন গুগল মেপত উপলদ্ধ কৰা হৈছে বুলি জনাই বনিয়াই। আনহাতে বৰ্তমান সময়ত অতি ব্যস্ত মানুহ ।পৰিয়াল বা লগ বন্ধুক সময় দিব নোৱাৰো ।এক ঘেয়ামী ,আত্ম কেন্দ্ৰিক হৈ পৰিছে আমাৰ জীৱন।বৰ্তমান জটিল সন্ধিক্ষণত কামৰ ফাঁক এটি উলিয়াই আহকচোন আপুনিও পৰিয়াল তথা বন্ধু-বান্ধৱীৰ স’তে ,,ময়ো অনুপ্ৰাণিত হ’ম আৰু আপোনালোকো অনাবিল প্ৰশান্তি লাভ কৰিব বুলি সকলোকে কৰ্দৈ ৰিজৰ্টলৈ আহিবলৈ বিনম্ৰ অনুৰোধ জনাইছে কৰ্ম উদ্যোগী জয়ন্ত বণিয়াই।

লগতে প্ৰকৃতিক ৰক্ষা কৰাৰ লগতে ৰাইজক আমোদ দিয়াৰ উদ্দেশ্যেৰে আৰম্ভণি কৰা কৰ্দৈ ৰিজৰ্টখন ভৱিষ্যতৰ দিনত আকৰ্ষনীয় পৰ্যটনস্থলী হিচাপে গঢ় দিয়া মানসেৰে তেওঁ ৫০-৬০ জন থলুৱা যুৱ-যুৱতীক কৰ্ম সংস্হাপন দিয়াৰ প্ৰয়াস কৰে।

