Breaking

৫০ বিধ চাহ আৰু অসমৰ পৰম্পৰাগত থলুৱা খাদ্যৰে উজলি উঠিছে ‘কুঁঁহি টি বাৰ

0 2,277

নতুন বৰ্ষতযুৱপ্ৰজন্মৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে নগাঁও জিলাৰ চামগুৰিৰ এগৰাকী উদ্যমী মহিলাই।নগাঁৱৰ পৰা  উজনি অসমলৈ যোৱাৰ পথত চামগুৰিৰ বেচিক প্ৰশিক্ষণ কেন্দ্ৰৰ ৫০০ মিটাৰ নিলগতে ভেলৌগুৰিৰ হেমাৰবড়ী নামৰ ঠাইত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পোৱা যায় ।
এখন ব্যতিক্ৰমী ৰেষ্টুৰেন্ট।নাম-‘কুঁঁহি টি বাৰ’।এগৰাকী মহিলাৰ অদম্য সাহস আৰু কৰ্মতৎ পৰতাৰ ফচল এই টি বাৰখন।মহিলা গৰাকীৰ নাম ৰেণু মহন্ত।চামগুৰিৰ হেমাৰবড়ীৰ ৰেণু মহন্ত নামৰ মহিলা গৰাকীৰ উদ্যোগত স্থাপন হোৱা এই ৰেষ্টুৰেন্টখন সম্প্ৰতি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰহৈ পৰিছে।২০১১ চনৰ পৰা ‘ফুড প্ৰচেচিং’ প্ৰক্ৰিয়াৰ লগত জড়িত ৰেণু মহন্তই ২০১৯ বৰ্ষৰ আগষ্ট মাহৰ ৯ তাৰিখে আৰম্ভ কৰিছিল ‘কুহি টি বাৰ’।ইয়াৰ পূৰ্বে তেওঁ এটা শ্বিল মেছিন ক্ৰয় কৰি কড়াইগুৰি,ভজা চাউল,কোমল চাউল আদি তৈয়াৰ কৰিছিল।তদুপৰি তেওঁ প্ৰায় ২৫ বিধ মান আচাৰ প্ৰস্তুত কৰিছিল।এই আচাৰ সমূহৰ ভিতৰত সাধাৰণ মানুহে প্ৰস্তুত কৰা আচাৰ সমূহৰ উপৰিও সাধাৰণতে প্ৰস্তুত নকৰা আচাৰ যেনে- কেৰেলাৰ আচাৰ,মূলা,পটলৰ আচাৰ আদি প্ৰস্তুত কৰিছিল।একেদৰে বাঁহ গাজ,ভোট জলকীয়া,কৰ্দৈ,কাচকল,নহৰু, ঔ টেঙা,বগৰী, অমিতা,কচু, বুট,গাজৰ, তেতেলী আদিৰ সু স্বাদু আচাৰ,জাম,জেলি আদি প্ৰস্তুত কৰিছিল।তেওঁৰ এই আচাৰে ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৃত হৈছে।।ইয়াৰ পিছতে তেওঁ আৰম্ভ কৰে বেকাৰী ।তাত তেওঁ বিস্কুট,ব্ৰেড আদিও প্ৰস্তুত কৰে।এনেদৰে সামগ্ৰী প্ৰস্তুত কৰাৰ পিছত এই সামগ্ৰী সমূহ বিক্ৰীৰ বাবে এটা বিশেষ স্থানৰ প্ৰয়োজন আছিল।ইয়াৰ বাবেই আৰম্ভ হয় কুঁঁহি টি বাৰ।এই ৰেষ্টুৰেন্ট খনত এই সামগ্ৰী সমূহ বিক্ৰীৰো ব্যৱস্থা আছে।এই ৰেষ্টুৰেন্টখনত ঘৰুৱা খাদ্য পৰিবেশন কৰা হয়।ৰেষ্টুৰেন্ট খনত ৫০ বিধ চাহৰ ব্যৱস্থা আছে।এই চাহ সমূহৰ ভিতৰত প্ৰচলিত গাখীৰ চাহ,লাল চাহ আদিৰ লগতে মচলা চাহ,বগা চাহ,সেউজীয়া চাহ,নীলা চাহ,ষ্টেভিয়াৰ চাহ আদি পৰিবেশন কৰা হয়।একেদৰে কোমল চাউল,দৈ গাখীৰ,মিঠৈ আদিৰে জলপান,ভজা চাউলৰ জলপান আদিও গ্ৰাহকক যোগান ধৰা হয়।শেহতীয়াকৈ কভিড-১৯ সংক্ৰমণৰ এই জটিল সময়ত তেওঁলোকে প্ৰস্তুত কৰিছে কভিড প্ৰটেক্টিভ টি নামৰ এবিধ চাহ ।এই চাহবিধ হালধি,ইলাচী,লং,জালুক,চাহপাত আদি দি প্ৰস্তুত কৰা হয়।চাহবিধ প্ৰস্তুত কৰোতে চেনীৰ সলনি মৌ ব্যৱহাৰ কৰা হয় ।এই চাহবিধৰ বাবেও ভালে সংখ্যক লোক টি বাৰখনলৈ আহে।ৰেণু মহন্তই জনোৱা মতে ৰেষ্টুৰেন্ট খনত কৰ্মচাৰী হিচাপে প্ৰায় ৩০ গৰাকী মহিলা কৰ্মৰত হৈ আছে। কভিড-১৯ সংক্ৰমণৰ জটিল পৰিবেশৰ সময়ত  মহিলা সকলৰ অধিকাংশই ঘৰৰ পৰাই কৰ্ম চলাই গৈছিল। কেৱল ৮ গৰাকী মহিলাহে ৰেষ্টুৰেন্টখনলৈ আহিছিল।ঘৰত থকা মহিলা সকলৰ কোনো গৰাকীয়ে কলাখাৰ প্ৰস্তুত কৰে।কোনো গৰাকীয়ে নাৰিকল যোগাৰ কৰে, কোনো গৰাকীয়ে কৰ্দৈ সংগ্ৰহ কৰি ঘৰতে কাটি দিয়ে ইত্যাদি।

অৱশ্যে বৰ্তমান কৰোনা সংক্ৰমণ কিছু হ্ৰাস পোৱাত পুনৰ কৰ্মৰত মহিলা সকল ৰেষ্টুৰেন্ট খনলৈ আহিছে।মহন্তই জনোৱা মতে ৰেষ্টুৰেন্টখনত চাহৰ লগতে ঘৰুৱাভাবে প্ৰস্তুত কৰা পিঠা-পনা আদি পৰিবেশন কৰা হয়।এই পিঠা পনা ৰেষ্টুৰেন্টতে প্ৰস্তুত কৰি গৰমে গৰমে গ্ৰাহকক পৰিবেশন কৰা হয়।বিশেষকৈ তিল পিঠা,নাৰিকলৰ পিঠা,নাৰিকলৰ লাড়ু আদি ৰেষ্টুৰেন্টখনত প্ৰস্তুত কৰি গৰমে গৰমে গ্ৰাহকক পৰিবেশন কৰা হয়।বহিঃ অসম অথবা অন্য স্থানৰ পৰা অহা গ্ৰাহকে এই পিঠা প্ৰস্তুত কৰা পদ্ধতি দেখিও আকৰ্ষিত হয়।তদুপৰি কিছু সংখ্যক গ্ৰাহকৰ বাবে ‘চাউমিন’,পুৰী-চবজি আদিৰো ব্যৱস্থা আছে।একেদৰে দুপৰীয়াৰ আহাৰ হিচাপে ভাতৰ লগত থলুৱা খাদ্য সামগ্ৰী বাহৰ গাজ,পদিনা,নৰসিংহৰ জোল,বেহুৱা,মাহৰ গুৰা,ভেবেলী লতা আদি ব্যৱহাৰ কৰা হয়।ৰেণু মহন্তই জনোৱা মতে নৰসিংহ,ভেবেলী লতা,পদিনা আদি তেওঁলোকে নিজে খেতি কৰি লয়।মহন্তই কয় -‘ অসমৰ পৰম্পৰাগত খাদ্য সামগ্ৰী সমূহ সদায় স্বাস্থ্য বৰ্ধক।সেয়ে গ্ৰাহকৰ আকৰ্ষনো বেছি।মই এই ৰেষ্টুৰেন্ট খন স্থাপন কৰি লাভান্বিত হৈছো।অসমৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰ লগত বহিঃৰাজ্যৰ পৰ্যটক সকল যাতে পৰিচিত হয় তাৰ বাবেই এনেধৰণৰ ৰেষ্টুৰেন্ট অসমৰ অন্য প্ৰান্তত মহিলা সকলে আৰম্ভ কৰাটো মই বিচাৰো।’ কভিড-১৯ সংক্ৰমণৰ এই জটিল সময়ত কোৱাৰেইন্টাইন কেন্দ্ৰত তথা কভিড কেন্দ্ৰত খাদ্য সামগ্ৰীও যোগান ধৰিছিল ৰেণু মহন্তই।তেওঁ যোগান ধৰা খাদ্য সামগ্ৰীক কোৱাৰেন্টাইন কেন্দ্ৰ বা কভিড কেন্দ্ৰত থকা ৰোগী সকলে উচ্চ প্ৰশংসা কৰিছে।উল্লেখযোগ্য যে ৰেণু মহন্তই বেঙেনাৰ আহাৰ প্ৰস্তুত কৰি আই আই টি এফৰ দিল্লীত হোৱা প্ৰদৰ্শনীত যোগদান কৰি মানুহৰ সহাৰি লাভ কৰিছে।তেওঁ নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰই মাছৰ আচাৰৰ কাৰণে দিয়া প্ৰশিক্ষণত অংশলৈ সকলো ধৰণৰ স্থানীয় মাছৰে আচাৰ প্ৰস্তুত কৰা আচনিও লৈছে।২০১৬ চনত তেওঁ অসম চৰকাৰৰ অধীনস্থ ‘জোনাক’ প্ৰতিষ্ঠানৰ অন্তৰ্ভুক্তহৈ ইয়াৰ জৰিয়তে কৃষকৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে।ৰেণু মহন্ত  পেলনীয়া বস্তুৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা কাৰ্যতো পাৰ্গত।ৰেণু মহন্তৰ প্ৰতিষ্ঠান ‘কুঁঁহি ফুড প্ৰচেচিঙে’ ২০১৮ চনত শ্ৰেষ্ঠ এম এচ এম ই ৫০০০ বঁটা লাভ কৰিছিল।২০১৬ চনত তেওঁ মৃণাল কুমাৰ শৰ্মা সোঁৱৰণী উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ উদ্যোগী বঁটা লাভ কৰিছিল।তেওঁ সিদ্ধিনাথ কলিতা স্মাৰক বক্তৃতা অনুষ্ঠানটো নৱ প্ৰজন্মৰ উদ্যোগী হিচাপে সম্বৰ্ধিত হৈছে।তাৎপৰ্যপূৰ্ণ যে ৫০ বিধ চাহ আৰু থলুৱা পৰম্পৰাগত খাদ্য সামগ্ৰীৰে উজলি উঠা কুঁঁহি টি বাৰ আৰু কুঁঁহি ফুড প্ৰচেচিং ইউনিট সম্প্ৰতি দেশী-বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰহৈ পৰিছে।সম্পূৰ্ণ ঘৰুৱা পৰিবেশত ইয়াত খাদ্য পৰিবেশন কৰা হয়।কভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ‘লক ডাউন’ৰ সময়ত সামান্য ক্ষতিগ্ৰস্ত হৈছিল যদিও বৰ্তমান পুনৰ গ্ৰাহকৰ সহাৰি আশানুৰূপ।স্বাৱলম্বী মহিলাৰ আৰ্হি হৈ পৰা ৰেণু মহন্তই অসমৰ বিভিন্ন প্ৰান্তৰ মহিলা সকলে এনে দৰে থলুৱা খাদ্য সম্ভাৰৰে ব্যৱসায় আৰম্ভ কৰিবলৈ আহ্বান জনাইছে।তেওঁ কয়-‘ইয়াৰ দ্বাৰা মহিলা সকলো লাভান্বিত হব আৰু অসমৰ থলুৱা খাদ্য সম্ভাৰো বহিঃ ৰাজ্য বা বহিঃ দেশৰ মানুহৰ ওচৰত পৰিচিত হব।’ ‘দক্ষিণ ভাৰতৰ ইডলি,ডোচা বা চীনৰ চাউমিন আদি যেনেদৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো পৰিচিত আমি কোমল চাউল,ভজা চাউল,তিল পিঠা,নাৰিকলৰ লাড়ু,তিলৰ লাড়ু,গাঁজ  টেঙা,নৰসিংহৰ জোল,ভেবেলী লতাৰ জোল আদি কিয় পৰিচিত কৰিব নোৱাৰিম?নিশ্চয় পাৰিম।-আত্মবিশ্বাসী ৰেণু মহন্তই এনেদৰে কয়।এইগৰাকী আত্মবিশ্বাসী মহিলা বৰ্তমান  নৱপ্ৰজন্মৰ বাবে হৈ পৰিছে আৰ্দশ স্বৰূপ ।

Leave A Reply