শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ লোক সংস্কৃতিৰ একমাত্ৰ প্ৰশিক্ষণ কেন্দ্ৰ চৰাইদেউ কলাকেন্দ্ৰৰ আৰু নাজিৰা বৰদৈচিলা কলাকেন্দ্ৰৰ উদ্যোগত নাজিৰাত দেওবাৰে উদযাপন কৰা হয প্ৰথম বাৰ্ষিক প্ৰীতি সন্মিলন। দুই জিলাৰ মুঠ দহটা উপ কেন্দ্ৰই অংশ লোৱা এই সন্মিলনত প্ৰায় ৫০০ ৰো অধিক কণ কণ ঢুলীয়া নাচনীয়ে একেলগে অংশ লয় বিহুনাচ ঢোলবাদনত। এই বিহু নৃত্য দেখি এপাক ননচাকৈ ৰৈ থাকিব নোৱাৰিলে আয়োজক আৰু অভিভাৱক সকলেও।
বিভিন্ন কাৰ্য্যসূচীৰ লগতে নাজিৰা নগৰেদি বাহিৰ হোৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই মোহাছন্ন কৰে সকলোকে।

