অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২২ জানুৱাৰী, সোমবাৰে গুৱাহাটীৰ আমবাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ লাইভ টেলিকাষ্ট অনুষ্ঠানত অংশগ্ৰহণ কৰে।

অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “৫০০ বছৰীয়া দাসত্বৰ অন্ত পৰিল। ইয়াৰ পৰা বুজা যায় যে এই ভাৰতত সকলো সম্ভৱ। প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত ভাৰতে নতুন প্ৰভাত দেখাৰ সুযোগ লাভ কৰিলে। মোৰ বিশ্বাস যে আজিৰে পৰা ভাৰতত ‘ৰাম ৰাজ্য’ আৰম্ভ হ’ব আৰু তাৰ লগে লগে ভাৰতো ‘বিশ্ব গুৰু’ হ’ব….”।

