Breaking

২০ মিনিটত ৫,০০০ ৰকেটৰ আঘাত…

0 19

২০ মিনিটত ৫,০০০ ৰকেটৰ আঘাত! হামাছৰ আক্ৰমণৰ পিছতে পেলেষ্টাইনৰ বিৰুদ্ধে ‘যুদ্ধ ঘোষণা’ ইজৰাইলৰ
১৯৮ গৰাকী ইজৰাইলীৰ মৃত্যু, হামাছৰ বিৰুদ্ধে অপাৰেছন আইৰণ ছৰ্ড আৰম্ভ, ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ উদ্বেগ প্ৰকাশ। ইজৰাইলত থকা ভাৰতীয় লোকৰ বাবে ভাৰতীয় দূতাবাসৰ সতৰ্কবাণী জাৰি। ৰাছিয়া আৰু ইউক্ৰেইনৰ এবছৰতকৈও অধিককালৰ যুদ্ধ আজিও চলি আছে। প্ৰতিদিনেই ইউক্ৰেইনত বহু লোকৰ প্ৰাণ হানি ঘটি আহিছে। ধ্বংস হৈছে হাজাৰ হাজাৰ লোকৰ সপোনৰ ঘৰখন। কোনোবা শিশুৱে পিতৃ অথবা মাতৃক হেৰুৱাইছে, কোনোবা পিকতৃ-মাতৃয়ে আকৌ নিৰ মৰমৰ সন্তানক হেৰুৱাইছে। এনে এখন ৰক্তক্ষয়ী যুদ্ধৰ মাজতে যুদ্ধৰ ডাৱৰ এতিয়া ইজৰাইল আৰু পেলেষ্টাইনৰ আকাশত কেন্দ্ৰীভূত হৈছে।

শনিবাৰে পেল্ষ্টাইনী উগ্ৰপন্থী গোট হামাছে ২০ মিনিটত গাজাৰ পৰা ইজৰাইলত ৫,০০০ টা ৰকেট নিক্ষেপ কৰে। ইয়াৰ ঠিক পিছতে ইজৰাইল চৰকাৰেও হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ফলত স্বাভাৱিকতে আতংক বিয়পি পৰিছে। দশকৰ পিছত দশক ধৰি চলি অহা ইজৰাইল-পেষ্টাইনৰ সংঘাতৰ আজিলৈকে কোনো সমাধান সূত্ৰ ওলোৱা নাই। ফলত এতিয়ালৈকে ইজৰাইল-পেলেষ্টাইনৰ মাজত সংঘটিুত যুদ্ধত কিমান লাখ লোকৰ মৃত্যু ঘটিছে তাৰ কোনো হিচাব নাই। ইজৰাইলে আজিলৈকে পেলেষ্টাইন সংকটৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই। শনিবাৰে পুৱাৰে পৰা আৰম্ভ হোৱা আক্তৰমণৰ পিছতে গাজা ষ্ট্ৰিপৰ পৰা বহু লোকে আতংকিত হৈ ঘৰ এৰি পলায়ন কৰা দেখা গৈছে। শ শ পুৰুষ, মহিলা আৰু শিশুৱে খাদ্য আৰু কম্বল লৈ ঘৰ এৰি সুৰক্ষিত স্থানৰ সন্ধানত ইজৰাইলৰ সীমান্ত অতিক্ৰম কৰিছে।ভাৰতত ইজৰাইলৰ ৰাষ্ট্ৰদূত নাওৰ গিলনে এক্স হেণ্ডেলত লিখিছে, “ইজৰাইলে ইহুদীসকলৰ বন্ধৰ সময়ত গাজাত ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হৈছে। হামাছ উগ্ৰপন্থীয়ে ৰকেট নিক্ষেপ কৰি আছে। । পৰিস্থিতি সহজ হৈ থকা নাই। কিন্তু ইজৰাইল জিকিব। ‘ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত সংঘৰ্ষ নতুন কথা নহয়। দ্বিতীয় বিশ্বযুদ্ধৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া মুছলমান দেশসমূহে জন্মৰ পৰাই আৰৱৰ মাজভাগত থকা ইহুদী দেশখন ধ্বংস কৰিবলৈ চেষ্টা কৰি আহিছে। এতিয়ালৈকে দুয়োপক্ষৰ মাজত কেইবাখনো যুদ্ধ হৈছে।পেলেষ্টাইনী উগ্ৰপন্থী গোট হামাছৰ নতুন আক্ৰমণৰ পিছত পুনৰ যুদ্ধৰ দামামা বাজি উঠিছে।


উল্লেখ্য কেইবা দশক পুৰণি ইজৰাইল-পেলেষ্টাইন সংঘাতৰ মূল বিষয় আছিল জেৰুজালেম । জেৰুজালেম নামৰ ঠাইখনক ইহুদীসকলে তেওঁলোকৰ ধৰ্মগ্ৰন্থত উল্লেখিত পবিত্ৰ ঠাই হিচাবে গণ্য কৰে। সেয়ে ঠাইডোখৰইজৰাইলে নিজৰ বুলি দাবী কৰি আহিছে।আনহাতে পেলেষ্টাইনীসকলেও জেৰুজালেম নিজৰ দখললৈ যোৱাটো বিচাৰে।১৯১৭ চনত প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত হোৱা চাইকচ-পিকট চুক্তিৰ পিছতেই পেলেষ্টাইন ব্ৰিটিছৰ নিয়ন্ত্ৰণলৈ আহে। ইয়াৰ পৰাই পুৰণি অটোমান তুৰ্কী সাম্ৰাজ্যৰ বিভাজন হয়। পিছত বেলফোৰ ঘোষণাৰ জৰিয়তে ব্ৰিটিছ বৈদেশিক সচিব জেমছ বেলফোৰে ইহুদী সকলৰ বাবে পেলেষ্টাইনত এক সুকীয়া মাতৃভূমি স্থাপনৰ বাবে সন্মত হয়।১৯৪৭ চনত ব্ৰিটিছ চৰকাৰে কূটনৈতিকভাৱে পেলেষ্টাইনৰ ভৱিষ্যতৰ প্ৰশ্নটো ৰাষ্ট্ৰসংঘলৈ প্ৰেৰণ কৰিলে আৰু ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৮১ নং প্ৰস্তাৱ স্বেচ্ছাই প্ৰস্তুত কৰাৰ সময়ত বিতৰ্কিত অঞ্চলটোৰ এক দ্বি-ৰাজ্যিক সমাধান আৰম্ভ হৈছিল, যিয়ে জৰ্ডান নদীৰ পশ্চিমে পেলেষ্টাইনৰ পৰা এখন নতুন ৰাষ্ট্ৰ তৈয়াৰ কৰাৰ প্ৰস্তাৱ দিছিল: এখন ইহুদীৰ বাবে আৰু আনখন আৰৱৰ বাবে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কূটনৈতিক চাপৰ ফলস্বৰূপে ভোটদানৰ পিছত এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল, কিন্তু পেলেষ্টাইনীসকলে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল,আৰু তেওঁলোকে যুক্তি দিছিল যে ইহুদী আৱাসীসকলৰ সেই সময়ত ৫.৫ শতাংশতকৈ অধিক ভূমি নাছিল আৰু সেয়েহে ইয়াৰ সৈতে থকা আন্তৰ্জাতিক বৈধতাৰ উপৰিও ৫৬ শতাংশ লাভ কৰাৰ কোনো অধিকাৰ নাছিল। হামাছৰ ৰকেটৰ আক্ৰমণত এক প্ৰকাৰৰ মৃত্যু নগৰীত পৰিণত হৈছে ইজৰাইলৰ কেইবা খনো চহৰ। কুৰি মিনিটত ৫ হাজাৰটা মিছাইলৰ আঘাতত জ্ক্ষত-বিক্ষত হৈ পৰা ইজৰাইলত এতিয়া কেৱল ওলাইছে আধা পোৰা মৃতদেহ। বাতৰি যুগুত কৰা পৰলৈকে ১৯৮ টা মৃতদেহ উদ্ধাৰ হৈছে। নিহতৰ সংখ্যা কিমান হ’ব সেয়া এতিয়াই কোৱা কঠিন হৈ পৰিছে। এনে সময়তে ইজৰাইলৰ সৈতে একাত্মতা প্ৰকাশ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে ভাৰতৰ চিন্তা আৰু প্ৰাৰ্থনা ইজৰাইলৰ নিৰীহ, পীড়িত সকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সৈতে আছে। শনিবাৰে পুৱা হামাছে আকস্মিক আক্ৰমণ কৰাৰ পিছত দক্ষিণ আৰু মধ্য ইজৰাইলত মৃত্যুৱে কিৰিলী পাৰিছে। প্ৰধানমন্ত্ৰী মোডীয়ে এক্স (পূৰ্বতে টুইটাৰ)ত পোষ্ট কৰিছে “ইজৰাইলত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বাতৰিদেখি গভীৰভাৱে হতবাক হৈছো। আমাৰ সমবেদনা আৰু প্ৰাৰ্থনা নিৰীহ ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে আছে। আমি এই কঠিন সময়ত ইজৰাইলৰ সৈতে একত্ৰিত হৈ থিয় দিছো,”। দ্য টাইমছ অৱ ইজৰাইলৰ বাতৰি অনুসৰি, শেহতীয়া ঘটনাঅনুসৰি, আক্ৰমণটোত ৩০০ ৰো অধিক লোক আহত হৈছে।এই আক্ৰমণৰ পিছত ইজৰাইলৰ ভাৰতীয় দূতাবাসে শনিবাৰে ইজৰাইলত থকা ভাৰতীয় নাগৰিকসকলৰ বাবে এক পৰামৰ্শ জাৰি কৰে। পৰামৰ্শত ভাৰতীয় লোকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু সুৰক্ষা প্ৰটোকল পালন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।। ইজৰাইলৰ ভাৰতীয় দূতাবাসে পৰামৰ্শাৱলীত এনেদৰে উল্লেখ কৰিছে”ইজৰাইলৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, ইজৰাইলৰ সকলো ভাৰতীয় নাগৰিকক সতৰ্ক হৈ থাকিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষৰ পৰামৰ্শ অনুসৰি সুৰক্ষা প্ৰটোকল পালন কৰিবলৈ অনুৰোধ জনোৱা হৈছে। অনুগ্ৰহ কৰি সাৱধানতা অৱলম্বন কৰক, অপ্ৰয়োজনীয় চলাচল পৰিহাৰ কৰক আৰু সুৰক্ষাজনিত আশ্ৰয়স্থলৰ ওচৰত থাকক। অতিৰিক্ত তথ্যৰ বাবে, অনুগ্ৰহ কৰি ইজৰাইলী হোম ফ্ৰণ্ট কমাণ্ড ৱেবছাইট (https://www.oref.org.il/en বা জৰুৰী কালীন অৱস্থাত অনুগ্ৰহ কৰি +97235226748 নম্বৰত আমাক যোগাযোগ কৰক, বা cons1.telaviv@mea.gov.inত বাৰ্তা দিয়ক। ,”- ।


ভাৰতত ইজৰাইলৰ ৰাষ্ট্ৰদূত নাওৰ গিলনে ভাৰতৰ জনসাধাৰণৰ সমৰ্থনক প্ৰশংসা কৰি কয়, “আমি সন্ত্ৰাসবাদৰ সন্মুখীন হৈ দৃঢ়তাৰে থিয় দিছো।” দ্য টাইমছ অৱ ইজৰাইলৰ মতে হামাছে পাঁচজন আইডিএফ সৈনিকক অপহৰণ কৰিছে। হামাছে গাজাৰ পৰা মিছাইল আক্ৰমণৰ পিছত ইজৰাইলে ইতিমধ্যে দেশখনত যুদ্ধৰ জৰুৰী অৱস্থা ঘোষণা কৰিছে। টাইমছ অৱ ইজৰাইলৰ বাতৰি অনুসৰি ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে ইজৰাইলৰ ওপৰত হামাছৰ আকস্মিক আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে অভিযান ‘অপাৰেছন আইৰণ ছৰ্ড ‘ আৰম্ভ কৰিছে। টাইমছ অৱ ইজৰাইলৰ বাতৰি অনুসৰি ইজৰাইলৰ সামৰিক বাহিনীয়ে গাজা ষ্ট্ৰিপৰ সীমান্তৰ ওচৰৰ দক্ষিণ ইজৰাইলৰ বিভিন্ন স্থানত হামাছ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দি আছে, যাৰ ভিতৰত আছে কফাৰ আজা, স্দেৰোট, চুফা, নাহাল ওজ, মাগেন, বেইৰি আৰু ৰেইম সামৰিক ঘাটি।

Leave A Reply