Breaking

৫০ হাজাৰ চাকৰি ওলাব, ছোৱালীৰ বাবে ১৫ হাজাৰ চাকৰি থাকিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

0 16

ৰাজ্যজুৰি অব্যাহত আছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। শনিবাৰে ৰাজ্যজুৰি বিজেপিয়ে অনুষ্ঠিত কৰে বিজয় সংকল্প সমাবেশ। গুৱাহাটীৰ চানমাৰী অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে অংশগ্ৰহণ কৰে নিৰ্বাচনী প্ৰচাৰ সভাত। ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীগৰাকীয়ে। এখনৰ পাছত আন এখন জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে জনতাক বিজেপি প্ৰাৰ্থীক বিপুল ভোটত বিজয়ী কৰাবলৈ আহ্বান জনাই গৈছে। চানমাৰী খেলপথাৰত বিশাল নিৰ্বাচনী সভাত উপস্থিত থাকে বিধায়ক অতুল বৰা ,নব দলে, কুইন ওজা, মেয়ৰ মৃগেন শৰণীয়া আদি ব্যক্তিসকল। সভাত আকৌ এবাৰ মোদী চৰকাৰ শীৰ্ষক গীতত জনতাৰ সৈতে নৃত্য কৰে মুখ্যমন্ত্ৰীয়ে। ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই কয় – মোৰ দিনত অসমত এটাও বোমা বিস্ফোৰণ হোৱা নাই। যোৱা তিনি বছৰত অসমত আন্দোলন নাই , বন্ধ নাই , গুলীৰ শব্দ নাই। কংগ্ৰেছৰ পঞ্চমৃত ধূতি, লুঙী , সূতা , কম্বল, আঠুৱা।

এই বছৰত ৫০ হাজাৰ যুৱক- যুৱতীক নিযুক্তি প্ৰদান কৰা হব। বসুন্ধৰাৰ জৰিয়তে ২ বছৰত গুৱাহাটীৰ সকলো খিলঞ্জীয়া লোকক ভূমি আবন্টন কৰা হব। ৫০ হাজাৰ চাকৰি ওলাব , ছোৱালীৰ বাবে ১৫ হাজাৰ চাকৰি থাকিব। গুৱাহাটীবাসীক ভোট দান কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয়যে গুৱাহাটীৰ লোকে ভোট দিবলৈ নাহে। বন্ধৰ দিন বুলি ঘৰতে থাকে। তেওঁ সকলোকে ৰ’দ বৰষুণ নেওচি ভোট দান কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে আগতে ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ চলিছিল । কিন্তু মোদীৰ চৰকাৰ হোৱাৰ পিছত পাকিস্তানক প্ৰত্যুত্তৰ দিলে। বৰ্তমান সন্ত্ৰাসবাদী আক্ৰমণ নাই। কংগ্ৰেছে পাকিস্তানক মৰম কৰে বাবে প্ৰত্যুত্তৰ দিব পৰা নাছিল। ৰাজ্য চৰকাৰে ১লাখ লোকক ৰাম মন্দিৰ দৰ্শনৰ বাবে নিব বুলিও তেওঁ কয়। মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী উত্তীৰ্ণসকলৰ নামভৰ্তি বিনামূলীয়া হ’ব। এক টকাও দিব নালাগে এডমিছনত। ৫০ হাজাৰ চাকৰিত ১৫ হাজাৰ সংৰক্ষিত থাকিব ছোৱালীৰ বাবে।ডিগ্ৰী পঢ়া ছোৱালীয়ে প্ৰতিবছৰে ১২,৫০০ টকাকৈ পাব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই কয়।

Leave A Reply