Breaking

মুছলপুৰত ৫১ সংখ্যক ৰাস মহোৎসৱৰ শুভাৰম্ভ

0 21

ৰাজ্যৰ চৌদিশে মহামাৰী ক’ৰণা ভাইৰাছৰ তীব্ৰ আতংকৰ মাজতে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি বিভিন্ন প্ৰান্তত চলিছে শৰত কালৰ প্ৰভু শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা ৷ সমন্বয় আৰু ভাতৃত্বৰ বাণীৰে বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী নাৰায়ণপুৰ ৰাস মন্দিৰত এক আধ্যাত্মিক পৰিৱেশৰ মাজত বৃহস্পতিবাৰৰে পৰা আৰম্ভ হৈছে ঐতিহ্যমণ্ডিত ৫১ সংখ্যক নাৰায়ণপুৰ আঞ্চলিক শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ।

ক’ভিড প্ৰট’কল ৰক্ষা কৰি পাঁচদিনীয়াকৈ আৰম্ভ হোৱা ৰাস মহোৎসৱৰ কাৰ্যসূচী অনুসৰি প্ৰথমদিনা পুৱা ৯ বজাত নিকাছী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ হাজৰিকাই মুখ্যদ্বাৰ উদ্ঘাটনেৰে ৫১ সংখ্যক নাৰায়ণপুৰ আঞ্চলিক শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিচতে ধৰ্মধ্বজা উত্তোলন কৰে ৰাস উদযাপন সমিতিৰ সভাপতি মধুসূদন বৰ্মনে ৷ প্ৰতিদিনে ভাগৱত পাঠ, আয়তীৰ নাম প্ৰসংগ, নৃত্যানুষ্ঠান, সাংস্কৃতিক সন্ধিয়া, ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰদৰ্শনকে ধৰি বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত এই ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱথলীত বিভিন্ন ঠাইৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হৈছে ৷ 

উল্লেখযোগ্য যে ক’ভিড প্ৰট’কল ৰক্ষা কৰি ৰাস মহোৎসৱ থলীত সামাজিক দূৰত্ব, মাস্ক পৰিধান বাধ্যতামূলক কৰি বৈদিক নীতি নিয়মৰ মাজেৰে মহোৎসৱথলীত ৰাধা-কৃষ্ণৰ যুগল মূৰ্তিৰ লগতে বিভিন্ন দেৱ-দেৱীৰ মৃন্ময় মূৰ্তি স্থাপন কৰা হৈছে।

Leave A Reply