কানাড়া বেংকৰ ৫৩৮ কোটিৰ জালিয়াতি গোচৰ, জেটৰ প্ৰতিষ্ঠাপকৰ গৃহত তালাচী চিবিআইৰ…

চিবিআইয়ে জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাপক নৰেশ গোৱেলৰ বাসগৃহত তালাচী চলাইছে৷ ৫৩৮ কোটি টকাৰ কানাড়া বেংক জালিয়াতি গোচৰত নকেশ গোৱেল অভিযুক্ত। নৰেশ গোৱেলৰ উপৰিও শুকুৰবাৰে কোম্পানীটোৰ কেইবাজনো প্ৰাক্তন বিষয়াৰ বাসগৃহত তালাচী চলায়৷ কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে শুকুৰবাৰে দিল্লী আৰু মুম্বাইকে ধৰি সমগ্ৰ দেশৰ সাতটা স্থানত তালাচী চলাইছিল।

জেট এয়াৰৱেজৰ কাৰ্যালয়তো অনুসন্ধান আৰম্ভ কৰা হৈছে। ২০১৯ চনৰ এপ্ৰিলত বিত্তীয় সমস্যা আৰু ঋণৰ দ্বাৰা জর্জৰিত জেট এয়াৰৱেজৰ উৰণ বন্ধ হৈ গৈছিল। সেই সময়ত নৰেশ গোৱেল দেশৰ সৰ্ববৃহৎ ব্যক্তিগত বিমান সেৱাৰ গৰাকী আছিল। ইয়াৰ পিছত, কোম্পানীটো পুনৰুজ্জীৱিত কৰিবলৈ আৰু বিমান সেৱা আৰম্ভ কৰিবলৈ ২০২১ চনত ‘জালান কালৰক’ নামৰ এটা কনচৰ্টিয়াম গঠন কৰা হৈছিল। জেট তেওঁলোকৰ দ্বাৰা পুনৰুজ্জীৱিত হোৱাৰ বাবে অপেক্ষা কৰি আছে। চিবিআইয়ে অভিযোগ কৰিছে যে জেটৰ মুৰব্বী নৰেশ গোৱেলে কানাৰা বেংকৰ পৰা বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিছিল। কেলেংকাৰীটোত কোম্পানীটোৰ কেইবাজনো বিষয়াও অভিযুক্ত। অৱশ্যে, জেটৰ নতুন কাৰ্যবাহীসকল দুৰ্নীতিৰ গোচৰত জড়িত নহয়।

Related Articles