নগাঁও,৩০ নবেম্বৰ : শিখ সকলৰ ধৰ্মগুৰু গুৰু নানকৰ ৫৫১ সংখ্যক জন্মজয়ন্তী আজি নগাঁও ফৌজদাৰিপট্টিস্থিত গুৰুদ্বাৰতো পালন কৰা হয়। তদুপলক্ষে পুৱাৰ ভাগত ধৰ্মীয় কাম-কাজ সম্পন্ন হোৱাৰ পিচত জীৱন দৰ্শন সম্পৰ্কত এক চমু আলোচনা হয়। সাংসদ প্ৰদ্যুৎ বৰদলৈ, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা, প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নগাঁও গুৰুদ্বাৰ প্ৰৱন্ধক সমিতিৰ সভাপতি দেৱেন্দ্ৰ সিং চেহমীয়ে বিশিষ্ট ব্যক্তি সকলক আদৰণি জনাই। ইপিনে বৰকলাটো অসমীয়া শিখ সকলে গুৰুনানকৰ জন্মজয়ন্তী পালন কৰে।