Breaking

ছিকিমৰ বান বিভীষিকাত ৫৬ জন লোকৰ মৃত্যু, নদীত ওপঙি আছে বহু মৃতদেহ…

0 28

বুধবাৰে (৪ অক্টোবৰ) ডাৱৰ বিস্ফোৰণৰ ফলত হঠাৎ বানপানী হোৱাৰ লগতে ছিকিমৰ চাৰিখন জিলা বহু ক্ষতিগ্ৰস্ত হোৱাৰ ফলত ছিকিমত এই পৰিস্থিতিৰ সৃষ্টি হয়। বৰ্তমানো মৃত্যুৰ সংখ্য়া বৃদ্ধি হৈ আছে। পৰিস্থিতি এনেকুৱা যে এতিয়াও বোকা আৰু ধ্বংসাৱশেষৰ পৰা মৃতদেহ উলিয়াই আনিব পৰা নাই। তথ্য অনুসৰি ছিকিমৰ বানপানীত এতিয়ালৈকে ৫৬টা মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে যোৱা তিনিদিন ধৰি নিৰুদ্দেশ হোৱা ৬২জন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। শনিবাৰে সন্ধিয়া ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, এতিয়া নিৰুদ্দেশ হোৱা লোকৰ সংখ্যা ৮১ জনলৈ হ্ৰাস পাইছে, যাৰ বাবে অনুসন্ধান অভিযান পূৰ্ণগতিত চলি আছে।

এক প্ৰতিবেদন অনুসৰি ছিকিমৰ বানপানীত এতিয়ালৈকে ৫৬টা মৃতদেহ উদ্ধাৰ। ইয়াৰে পশ্চিমবংগৰ তীস্তা নদী অৱবাহিকাৰ পৰা উদ্ধাৰ হৈছে ৩০ টাতকৈও অধিক মৃতদেহ। ২২ জন সেনা জোৱান নিৰুদ্দেশ হৈ থকাৰ বিপৰীতে ৭ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। একে সময়তে এছ এছ ডি এম এয়ে জনোৱা মতে, বুধবাৰে পুৱতি নিশা ডাৱৰ বিস্ফোৰণৰ ফলত হঠাৎ সৃষ্টি হোৱা বানপানীৰ বাবে ৰাজ্যৰ চাৰিখন জিলাত ৪১,৮৭০ জন লোক ক্ষতিগ্ৰস্ত হৈছে, মংগন জিলাই দুৰ্যোগৰ বোজা বহন কৰিবলগীয়া হৈছে, য’ত প্ৰায় ৩০,৩০০ লোকে ক্ষতিগ্ৰস্ত হৈছে দুৰ্যোগৰ ফলত প্ৰভাৱিত হৈছে। বিষয়াসকলৰ মতে, সেইদিনা নিৰুদ্দেশ হোৱা সেনাবাহিনীৰ ৩৯খন বাহনৰ ভিতৰত ১৫খন কেইবা ফুট দ বোকাত উদ্ধাৰ কৰা হৈছে।

তথ্য অনুসৰি ছিকিমৰ মংগন জিলাৰ লাচেন আৰু লাচুঙত ক্ষন্তেকীয়া বানপানীৰ ফলত আবদ্ধ হৈ থকা ৩ হাজাৰৰো অধিক পৰ্যটক নিৰাপদ বুলি বিষয়াসকলে জানিবলৈ দিয়ে। ভাৰতীয় বায়ুসেনাই মি-১৭ হেলিকপ্টাৰেৰে উদ্ধাৰ আৰু সাহায্য অভিযান চলাবলৈ কেইবাবাৰো চেষ্টা চলাইছিল যদিও বতৰ বেয়াৰ বাবে বাগডোগ্ৰাৰ লগতে চাটেনৰ পৰাও বিমান সেৱা চলাব পৰা নাছিল। স্থানীয় প্ৰশাসনৰ লগতে সেনাই আৱদ্ধ পৰ্যটক আৰু স্থানীয় ৰাইজক খাদ্য, চিকিৎসা সাহায্য আৰু চেটেলাইট টাৰ্মিনেলৰ জৰিয়তে টেলিফোন সংযোগৰ ব্যৱস্থা কৰি সাহায্য প্ৰদান কৰি আছে।


Leave A Reply