গহপুৰত গৃহৰক্ষী বাহিনীৰ ৫৯সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

 সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত গহপুৰৰ বড়িগাঁৱত আজি গৃহৰক্ষী বাহিনীৰ ৫৯সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। গৃহৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱা গহপুৰৰ বড়িগাঁৱৰ নিৰ্মিয়মান চাৰিলেন যুক্ত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে ৪০০ৰো অধিক গছ পুলি ৰোপনৰ ব্যৱস্থা কৰা গৃহৰক্ষী বাহিনীৰ জোৱানসকলৰ। বিশ্বনাথ জিলা গৃহৰক্ষী বাহিনীৰ উদ্যোগত উদযাপিত উক্ত প্ৰতিষ্ঠা দিৱসত গহপুৰ আৰক্ষী থানাৰ নৱ নিযুক্ত আৰক্ষী বিষয়া সুশীল কুমাৰ দত্ত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিশ্বনাথ জিলা গৃহৰক্ষী বাহিনীৰ সভাপতি মানস জ্যোতি মহন্ত আৰু সম্পাদক মঃ নেফিব আহমেদত তত্বাবধানত আয়োজিত উক্ত প্ৰতিষ্ঠা দিৱসত সোলেঙীগুৰি গাঁও পঞ্চায়তৰ সভাপতি বিপুল বৰা,  সদৌ অসম গৃহৰক্ষী বাহিনীৰ উপসভাপতি মোহন বৰা, শোণিতপুৰ জিলা গৃহৰক্ষী বাহিনীৰ সভাপতি অঞ্জন নাথ, সম্পাদক বসন্ত বৰা, প্ৰকৃতিপ্ৰেমী যুৱক বৃক্ষ মানৱ বকুল গগৈ, জ্যেষ্ঠ সাংবাদিক তুৱাকান্ত দুৱৰাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ব্যক্তিয়ে বৃক্ষৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত উক্ত প্ৰতিষ্ঠা দিৱসটো সন্ধ্যা বন্তী প্ৰজ্বলনেৰে সামৰণি পৰে।

Related Articles