Breaking

১২ অক্টোবৰৰ ভিতৰত ভাৰতত আৰম্ভ হ’ব ৫জি সেৱা, কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰীৰ ঘোষণা

0 1,561

যোগাযোগৰ ক্ষেত্ৰত আৰু বহু বেছি আগুৱাই যাব ভাৰত। ১২ অক্টোবৰৰ ভিতৰত দেশত আৰম্ভ হ’ব ৫জি সেৱা । আজি কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই ঘোষণা কৰে। তেও কয় যে ১২ অক্টোবৰৰ ভিতৰত ভাৰতত ৫জি সেৱা আৰম্ভ কৰা হ’ব আৰু তাৰ পিছত দেশৰ সকলো চহৰলৈ এই সেৱা সম্প্ৰসাৰিত কৰা হ’ব।অশ্বিনী বৈষ্ণৱে কয় “আমি আশা ৰাখিছো যে অহা দুই-তিনি বছৰৰ ভিতৰত দেশৰ প্ৰতিটো প্ৰান্ততে ৫জি সেৱা উপনীত হ’ব । আমি নিশ্চিত কৰিম যে এই সেৱা সুলভ হৈ থাকিব। ৫জি সেৱাই নগৰৰ লগতে গ্ৰাম্য অঞ্চলকো সমৰি ল’ব,” তেওঁ কয়।

“আমি দ্ৰুতগতিত ৫জি সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিআছো, টেলিকম অপাৰেটৰসকলে সেই ক্ষেত্ৰত কাম কৰি আছে আৰু টাৱাৰ আদি স্থাপন কৰা হৈছে। আশা কৰোঁ, আমি ১২ অক্টোবৰৰ ভিতৰত ৫জি সেৱা আৰম্ভ কৰিব পাৰিম ” তেওঁ লগতে কয়।
উল্লেখ্য কেন্দ্ৰীয় চৰকাৰে দেশত শীঘ্ৰে ৫ জি ইণ্টাৰনেট সেৱা আৰম্ভ কৰাৰ বিষয়ত কেবিনেট সিদ্ধান্ত লৈছিল।কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেট বৈঠকে ৫ জি স্পেকট্ৰামৰ নিলাম অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত টেলিকম বিভাগে দিয়া প্ৰস্তাৱত শেহতীয়াকৈ অনুমোদন জনাইছিল।কেবিনেটৰ অনুমোদন লাভ কৰাৰ পিছত ৫ জি স্পেকট্ৰামৰ নিলাম চলিত বৰ্ষৰ জুলাই মাহৰ শেষৰ পিনে অনুষ্ঠিত হৈছে ।

চৰকাৰৰ মুখপাত্ৰ এগৰাকীয়ে প্ৰকাশ কৰা মতে ২০ বছৰৰ বৈধতাৰ সৈতে মুঠ ৭২ গিগাহাৰ্জৰ স্পেকট্ৰামৰ নিলাম অনুষ্ঠিত কৰা হৈছে।উল্লেখনীয় কথাটো হ’ল এয়াই যে ৪ জি নেটৱৰ্ত্কৈকতকৈ ৫ জি প্ৰায় ১০ গুণে বেছি দ্ৰুত হ’ব। ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্ট-আপ ইণ্ডিয়া, মেক ইন ইণ্ডিয়া আদিৰ দৰে মুখ্য কাৰ্যসূচী সমূহ এই সেৱাৰ জৰিয়তে যথেষ্ট লাভন্বিত হ’ব বুলি ধাৰণা কৰা হৈছে৷চৰকাৰী মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰা মতে ৫ জি স্পেকট্ৰামৰ নিলামৰ অধীনত মুঠ ৭২০৯৭.৮৫ মেগাহাৰ্জ নিলাম কৰা হৈছে। নিম্ন বেণ্ড উইথত ৬০০ মেগাহাৰ্জ, ৭০০ মেগাহাৰ্জ,৮০০ মেগাহাৰ্জ,৯০০ মেগাহাৰ্জ, ১৮০০ মেগাহাৰ্জ, ২১০০ মেগাহাৰ্জ, ২৩০০ মেগাহাৰ্জ, মধ্যম বেণ্ড উইথত ৩৩০০ মেগাহাৰ্জ আৰু উচ্চ বেণ্ড উইথত ২৬ গিগাহাৰ্জ ফ্ৰিকুৱেন্সি বেণ্ডৰ স্পেকট্ৰাম নিলাম কৰা হৈছে বুলি তেওঁ কয়।স্পেকট্ৰামৰ নিলাম ২০ বছৰৰ বাবে হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷ ৫ জিৰ আগমণে দেশৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিব বুলি ভবা হৈছে৷

Leave A Reply