Breaking

আৰম্ভ হ’ল ‘খোজ অসম’ৰ উদ্যোগত “পঞ্চম ডিব্ৰুগড় গ্রন্থ মহোৎসৱ – ২০২২”

0 90

আৰম্ভ হ’ল ‘খোজ অসম’ৰ উদ্যোগত “পঞ্চম ডিব্ৰুগড় গ্রন্থ মহোৎসৱ – ২০২২”। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ‘খোজ অসম’ৰ উদ্যোগত ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখত তথা নিৰ্মালী গাঁও ছোৱালী হাইস্কুল খেলপথাৰত ১৪ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰ, ২০২২ তাৰিখলৈকে বাৰ দিনীয়াকৈ “পঞ্চম ডিব্ৰুগড় গ্রন্থ মহোৎসৱ – ২০২২” আয়োজন কৰা হৈছে। বিয়লি ৩.০০ বজাত মাজুলীৰ শ্ৰীশ্ৰী আউনী আটী সত্ৰৰ সত্ৰাধিকাৰ, লেখক ড০ পীতাম্বৰ দেৱগোস্বামীয়ে গ্রন্থ মহোৎসৱৰ মূল প্ৰৱেশ দ্বাৰ উদঘাটন কৰে। গ্রন্থ মহোৎসৱখনিৰ উদ্বোধক হিচাপে তেখেতে কয় যে সকলো দানতকৈ জ্ঞান দান সৰ্বোত্তম। কিতাপৰ মাজত সেই জ্ঞান লাভ কৰা যায়।

বন্তি প্ৰজ্বলন কৰি বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই উত্তৰ-কভিড কালত গ্ৰন্থমেলাৰ সজীৱতা ঘুৰি আহিছে বুলি কৈ এয়া শুভলক্ষণ বুলি মত প্ৰকাশ কৰে। বৰ্তমান অসমৰ প্ৰান্তে প্ৰান্তে গ্ৰন্থমেলা হোৱাৰ বাবে ই নতুন কিবা এটাৰ লক্ষন বুলিও তেওঁ কয়। লক্ষীনন্দন বৰগোহাঞিৰ সম্পাদনাৰে প্ৰকাশ পোৱা অৰ্ধশতাধিক লেখকৰ ভিন্নস্বাদৰ লেখাৰে প্ৰায় তিনিশ পৃষ্ঠাৰ পঞ্চম ডিব্ৰুগড় গ্রন্থ মহোৎসৱৰ স্মৃতিগ্ৰন্থ ‘খোজ’ উন্মোচন কৰে বিশিষ্ট ঔপন্যাসিক অৰূপা পটঙ্গীয়া কলিতাই। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দেৱী প্ৰসাদ বাগ্ৰোদিয়া, গৱেষক তথা মৰাণ মহিলা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ সুখ বৰুৱা, লেখিকা তথা নন্দলাল বৰগোহাঁই চিটি কলেজৰ প্ৰাক্তন অধ্যক্ষ জ্যোতি বৰগোহাঁই-এও বক্তব্য আগবঢ়ায়। সুমন দত্তই আঁত ধৰা অনুষ্ঠানটোত উদযাপন সমিতিৰ সভাপতি মনোজ কুমাৰ বৰুৱাই আদৰণি ভাষণ আগবঢ়ায়। গ্ৰন্থ মহোৎসৱখনিৰ আটাইকেইটা দিনতে সম্পাদক বিশ্ববিজয় ফুকনে সকলো ক্ষেত্ৰৰ ৰাইজৰ উপস্থিতি কামনা কৰিছে।

Leave A Reply