‘৬বাৰ প্ৰেম আৰু ২বাৰ বিবাহ… তথাপিও প্ৰেমৰ ভাগ্য নাছিল, ৬৮ বছৰ বয়সত কেৱল নিসংগতা অনুভৱ কৰোঁ’ – মোহময়ী অভিনেত্ৰী ৰেখাৰ এই মন্তব্য। কোৱা হয় যে প্ৰেমে ভাগ্যক লগ দিয়ে আৰু অভিনেত্ৰী ৰেখাৰ ভাগ্যৰ চাওক, ৬বাৰ প্ৰেম আৰু দুবাৰ বিবাহৰ পিছতো আজি তেওঁ অকলশৰীয়া। এইগৰাকী অভিনেত্ৰী সদায় নিজৰ ব্যক্তিগত জীৱন, প্ৰেম আৰু বিবাহৰ বাবে আলোচনাত থাকে আৰু আজিও তেওঁৰ প্ৰেমৰ কাহিনী মানুহৰ মুখে মুখে থাকে। ৬৮ বছৰ বয়সতো ৰেখা অকলশৰীয়া-

ৰেখাৰ নামটো প্ৰথমে অভিনেতা নবীন নিশালৰ সৈতে জড়িত আছিল। কোৱা হয় যে সাৱন ভদনত কাম কৰি থাকোঁতে দুয়োৰে ঘনিষ্ঠতা বাঢ়ি গৈছিল যদিও নবীন নিশালৰ হৃদয়খন আ কাৰোবাৰ প্ৰেমত পৰি সম্পৰ্কটো আধৰুৱা কৰি দিলে।
জিতেন্দ্ৰ ৰেখাৰ জীৱনত প্ৰৱেশ কৰিছিল নবীন নিশালৰ পিছত। দুয়োজনে একেলগে বহু ছবি কৰিছিল আৰু এই সময়ছোৱাত তেওঁলোকৰ প্ৰেম সম্পৰ্ক হৈছিল। কিন্তু কোৱা হয় যে জিতেন্দ্ৰ এই সম্পৰ্কক লৈ একেবাৰেই চিৰিয়াছ নাছিল, ৰেখাৰ লগত সম্পৰ্কত থকা অৱস্থাত শোভা কাপুৰৰ লগত সম্পৰ্কত আছিল জিতেন্দ্ৰ। কোৱা হয় যে এবাৰ চেটত ৰেখাই জিতেন্দ্ৰৰ কথা শুনিছিল যে ৰেখা তেওঁৰ শ্ৰেষ্ঠ টাইমপাছ। তেতিয়াই ৰেখাই এই সম্পৰ্কৰ পৰা চিৰদিনৰ বাবে দূৰত্ব বজাই ৰাখিলে।
ৰেখাৰ জীৱনৰ আটাইতকৈ গভীৰ প্ৰেম আছিল বিনোদ মেহৰাৰ লগত। যদিও ৰেখাই এই সম্পৰ্কক সদায় অস্বীকাৰ কৰিছিল, কিন্তু যিসকলে জানিছিল তেওঁলোকে কৈছিল যে দুয়োৰে বিয়াও হৈছিল ।
ৰেখাৰ নামটো আটাইতকৈ বেছি জড়িত অমিতাভ বচ্চনৰ লগত, যাৰ আলোচনা আজিও আটাইতকৈ বেছি।১০খন ছবিত একেলগে কাম কৰি তেওঁলোকৰ প্ৰেম সম্পৰ্ক স্থাপন হৈছিল, কিন্তু তেতিয়া অমিতাভৰ বিয়া হৈছিল জয়া ভাদুৰীৰ সৈতে আৰু তেওঁ ৰেখাৰ সৈতে হোৱা কথা স্পষ্টকৈ কৈছিল যে তেওঁ বিয়া হৈছে আৰু এইটোও কৈছিল ৰেখাক কেতিয়াও এৰি নাযায়। কেৱল এয়াই নহয় যেতিয়া কুলীৰ চেটত অমিতাভ আঘাতপ্ৰাপ্ত হৈ ক’মাত সোমাই পৰে তেতিয়া জয়াই ৰেখাক লগ কৰিবলৈও নিদিলে আৰু ৰেখা সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। এই সম্পৰ্কটো ঠিক ইয়াতেই শেষ হ’ল।
স্মিতা পাটিলৰ মৃত্যুৰ পিছত যেতিয়া ৰাজ বব্বৰে প্ৰথম পত্নী আৰু সন্তানৰ ওচৰলৈ উভতি আহিছিল, তেতিয়া তেওঁ পৰিয়ালৰ পৰা আগৰ দৰে মৰম নাপালে। কোৱা হয় যে এই সময়তে ৰাজ বব্বৰৰ লগত তেওঁৰ ঘনিষ্ঠতা বাঢ়ি গ’ল। ৰেখাই যেতিয়া ৰাজ বব্বৰৰ লগত বিয়াৰ কথা পাতিলে, তেতিয়া তেওঁ বিয়াৰ প্ৰস্তাৱ নাকচ কৰিলে আৰু ভগ্ন হৃদয়েৰে সেই সম্পৰ্ক বিদায় দিলে।
ৰাজ বব্বৰৰ লগত বিচ্ছেদ ঘটাৰ পিছত ৰেখা ছিন্নভিন্ন হৈ পৰিছিল ৰেখা, সেয়েহে তেওঁ নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত তেওঁৰ এজন অনুৰাগী মুকেশ আগৰৱালে তেওঁৰ কাষ চাপিছিল। প্ৰথম অৱস্থাত ৰেখাই তেওঁক আওকাণ কৰিল কিন্তু তাৰ পিছত তেওঁলোকৰ বিয়াৰ খবৰে সকলোকে আচৰিত কৰি তুলিছিল। কিন্তু বিয়াৰ এবছৰ নৌহওঁতেই ৰেখাৰ দুপট্টাৰে ফাঁচী লৈ আত্মহত্যা কৰিলে মুকেশে। আচলতে মুকেশ ডিপ্ৰেছনত আছিল।
বাৰে বাৰে প্ৰেমত পৰিও কাৰো আপোন হ’ব নোৱাৰা ৰেখাই এতিয়া অকলশৰীয়া অনুভৱ কৰে। সেয়েহে কোৱা হয় সম্পৰ্ক সদায় সঠিক মানুহৰ লগত হ’ব লাগে।