দিনজোৰা কাৰ্যসূচীৰে যোৱা ১৭ ছেপ্টেম্বৰত নদীদ্বীপ মাজুলীৰ উচ্চ শিক্ষাৰ বাটকটীয়া অনুষ্ঠান মাজুলী মহাবিদ্যালয়ৰ ৬০সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা মহাবিদ্যালয়ৰ এন চি চিৰ উদ্যোগত পৰিবেশ নিকাকৰণৰ পাছতে বৃক্ষৰোপণ কৰে জ্যেষ্ঠ অধ্যাপক অমৃতেশ্বৰ চুতীয়াই। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়াই পতাকা উত্তোলন কৰাৰ পাছতে বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৰেন চন্দ্ৰ ঠাকুৰীয়াই আৰু স্মৃতি তৰ্পণ কৰে প্ৰাক্তন শিক্ষাৰ্থী সমন্বয়ৰক্ষী সমিতিৰ সভাপতি জিতেন্দ্ৰ নাথ ডেকাই। দিনৰ ১১ বজাৰপৰা অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ সভাপতিত্বত সম্পূৰ্ণ ক’ভিড নীতি মানি শ্ৰীশ্ৰীহৰিদেৱ ভৱনত মুকলি সভা অনুষ্ঠিত কৰা হয়। উদযাপন সমিতিৰ সম্পাদক তুলসী ৰাজখোৱাই আঁত ধৰা সভাখনি ছাত্ৰী কৰিণা হাজৰিকাৰ দ্বাৰা পৰিবেশিত এটি বৰগীতেৰে শুভাৰম্ভ হয়। সভা উদ্বোধন কৰি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সৰ্বেশ্বৰ হাজৰিকাই বাষষ্ঠীৰ মহাপ্লাৱন আৰু চীনা আক্ৰমণৰ বিভীষিকাৰ মাজতো মাজুলীত উচ্চ শিক্ষাৰ সোপান ৰচোঁতা মহানুভবসকলৰ ত্যাগৰ কথা স্মৰণ কৰে। নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি জেংৰাইমুখ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট লেখক সুৰেন্দ্ৰ নাথ মুদৈয়ে কয়–’হাজাৰ হাজাৰ বিদ্যাৰ্থীক বিদ্যা মহাধনেৰে বিভূষিত কৰা মাজুলী মহাবিদ্যালয় সমগ্ৰ মাজুলীবাসীৰে হিয়াৰ আমঠু। নৈদ্বীপটিৰ সামাজিক-সাংস্কৃতিক-বৌদ্ধিক ক্ষেত্ৰখনত এই উচ্চ শিক্ষানুষ্ঠানটিৰ অৱদান প্ৰাতঃস্মৰণীয় হৈ থাকিব।’ সভাখনিত মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞা আৰু মাজুলী জিলা সাংবাদিক সন্থাৰ সভাপতি দিবাকৰ শইকীয়াই সভাত বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰে। সভাত উপস্থিত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঘন গগৈ , জিলা সাংবাদিক সন্থাৰ উপ-সভাপতি ডিম্বেশ্বৰ দত্ত , অৱসৰপ্ৰাপ্ত অধ্যাপিকা স্মৃতি কোঁৱৰ , অৱসৰপ্ৰাপ্ত শিক্ষক গুণ শইকীয়া আদিয়ে বক্তব্য আগবঢ়ায়। আজিৰ সভাতে ২০২০বৰ্ষৰ মাজুলী মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতকৰ সন্মান অৰ্জন কৰা শিক্ষাতত্ত্ব বিভাগৰ ছাত্ৰ টাৰজান দাসক ত্ৰয়োধৰ গগৈ স্মাৰক বঁটা প্ৰদান কৰাৰ লগতে অলপতে সন্মানীয় ডক্টৰেট উপাধি লাভ কৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক দুলাল হাজৰিকাকো সম্বৰ্ধনা জনোৱা হয়। সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় অধ্যাপিকা অনামিকা অধিকাৰীয়ে। সন্ধ্যা মহাবিদ্যালয় চৌহদত ৬০ গছি বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অধ্যাপক বিপুল ৰাজখোৱাই।

