মুকালমুৱাৰ কালদিত ৬৪ সংখ্যক গো-পূজা উদযাপন…

প্ৰতি বছৰৰ দৰে এইবেলিও মুকালমুৱাৰ কালদিত ৬৪ সংখ্যক গো-পূজা উদযাপন কৰে। কালদি আঞ্চলিক জনতা গো-পূজা সমিতিৰ উদ্যোগত অঞ্চলবাসীয়ে উদযাপন কৰিছে গো-পূজা।

৬ দিনীয়াকৈ অনুষ্ঠিত হোৱা গো-পূজাত গো অৰ্চনা,হোম,গো গ্ৰাহ প্ৰদান আদি বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে গো-পূজা।গো-পূজা উপলক্ষে নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে কালদি গোপাল থান প্ৰাঙ্গণ। গৰুক মা হালধীৰে গা ধুৱাই তেল,সেন্দুৰ, ফুতমালা আদি পৰিধান কৰাই পূজা অৰ্চনা কৰি বিভিন্ন সুস্বাদ্য খাদ্য খাবলৈ দিয়ে।

বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত সকলে কালদি গোপাল থান প্ৰাঙ্গণত উপস্থিত হৈ চাকি,বন্তি প্ৰজ্বলন কৰি সমাজৰ মংগলৰ বাবে কামণাৰ বাবে প্ৰাৰ্থনা জনায়

Related Articles