Breaking

শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন : ৰক্তদান শিবিৰ আয়োজন

0 2,351

জামুগুৰিহাট, ২৬ ডিচেম্বৰ: শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি উত্তৰ জামুগুৰি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ আৰ্তিথ্যত  মৰিসূতিত দিনজোৰা কাৰ্যসুচীৰে উদযাপন কৰা হয়। সংগঠনটিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাই এটি ৰক্তদান শিৱিৰৰো আয়োজন কৰে ৷ মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালে শুভ উদ্বোধন কৰা মৰিসুতিৰ মাউন্ট চিনাই ইংলিছ স্কুলত অনুষ্ঠিত ৰক্তদান শিবিৰটোত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ৰক্তদান বিভাগৰ লগত জড়িত চিকিৎসাকৰ্মী সকলৰ উপস্থিতিত গোৰ্খা ছাত্র সন্থাৰ সদস্য সকলৰ লগতে স্থানীয় লোকসকলেও ৰক্তদান কৰে। শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে গোৰ্খা ছাত্ৰ সন্থাৰ এখনি কৰ্মী সভাও অনুষ্ঠিত হয় । শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসটিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা অনুষ্ঠানটিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সুনীল চেত্ৰী, ৰোহিত লমচাল, জিলা সাংগঠনিক সচিব নাৰায়ন খৰ্কা, জিলা সচিব অঞ্জন শৰ্মা, জিলা সদস্য প্ৰকাশ আচাৰ্য, হেমন্ত নিৰলা, মানস শৰ্মাকে ধৰি কেবাগৰাকীও বিষয়ববীয়া উপস্থিত আছিল ৷ উল্লেখ্য যে শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ছাত্ৰ সংগঠনটিয়ে এনেদৰে আয়োজন কৰা ৰক্তদান শিৱিৰটোত প্ৰায় ১৫০ গৰাকীয়ে ৰক্তদান কৰে ৷

Leave A Reply