Breaking

পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত ৬৫৪৮ ভেকচিন প্ৰদান

0 2,018

যোৱা ৯ অক্টোবৰ ২০২১ তাৰিখৰ পৰা ১১অক্টোবৰ ২০২১তাৰিখলৈ সমগ্ৰ অসমতে মেগা ভেকচিনেচন কাৰ্যসূচী আৰম্ভ হয়।সেই মৰ্মে ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্রৰ অধীনৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত তিনি দিনীয়া মেগা ভেকচিনেচন কাৰ্যসূচী সুকলমে সম্পূৰ্ণ হয়। তিনি দিনীয়া মেগা ভেকচিনেচন কাৰ্যসূচীত মুঠ ১৯৮ গৰাকী হিতাধীকাৰীয়ে  ক’ভিড ভেকচিন গ্ৰহণ কৰে।ইয়াৰে ১৪৭ গৰাকী হিতাধীকাৰীয়ে প্ৰথম ‌পালি আৰু  ৫১ গৰাকীয়ে দ্বিতীয় পালি গ্ৰহন কৰে।আজিলৈ সৰ্বমুঠ ৬৫৪৮ গৰাকীক ক’ভিড ভেকচিন দিবলৈ সক্ষম হৈছে। ৯অক্টোবৰ ২০২১ তাৰিখে ওদালগুৰি জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অভিজিৎ বসু আৰু ওৰাং খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্রৰ বিপিএম পংকজ কুমাৰ সভাপণ্ডিতে পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচী নিৰীক্ষন কৰাৰ  লগতে গৰ্ভৱতী মহিলা আৰু দুগ্ধপান মাতৃ সকলক ক’ভিড ভেকচিন প্রদান কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়ায় ৷আনহাতে ১১অক্টোবৰ ২০২১তাৰিখে ওৰাং খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ  মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ প্ৰীতি ৰেখা শইকীয়া  ,  বি ছি এম  আৰু ব্লক coordinator ৰে ভেকচিনেচন কাৰ্যসূচী নিৰীক্ষন কৰে লগতে এছ ডব্লিউ  বিপ্লৱ জ্যোতি ডেকা  উপস্থিত থাকে। ১০ অক্টোবৰ ২০২১ তাৰিখে মাজৰ চুবা গাওঁত স্বাস্থ্যকৰ্মী সকলে ঘৰে ঘৰে গৈ ভেকচিন প্রদান কৰিছে। মেগা ভেকচিনেচন কাৰ্য্যসূচীত জড়িত  সেৱক,সেবিকা  সকল ডাঃ স্নেহাস্মিতা ঘোষ, বীৰেন্দ্ৰ হাজং,মুনু দাস,ৰীছা দৈমাৰী, ৰিংকু দৈমাৰী, ছফিউৰ ৰহমান ,গোপী এ চাংমা,শিক্ষক পৰশু ৰাম উপাধ্যায় । যি সকল হিতাধীকাৰীয়ে তিনি দিনীয়া মেগা ভেকচিনেচন কাৰ্যসূচীত আহি তেওঁলোকৰ ক’ভিড ভেকচিন গ্ৰহণ কৰিছে তেওঁলোকক  পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকলে ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply