৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত শগুণ দিৱস পালন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত যোৱা ২ অক্টোবৰৰ পৰা উদযাপিত হোৱা ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি আজিৰ দিনটো শগুণ দিৱস হিচাবে পালন কৰা হয় ৷ এই উপলক্ষে ৰাজ্যৰ অগ্ৰণী প্ৰকৃতি সংগঠন আৰণ্যকৰ সৌজন্যত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত এই দিৱসৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰে ৷ মহাবিদ্যালয় খনৰ কাজিৰঙা অধ্যয়ন কেন্দ্ৰ আৰু আভ্যন্তৰীণ মান নিৰূপন কোষৰ সহযোগত আয়োজিত এই শগুণ দিৱস আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড৹ জয়ন্ত গগৈয়ে ৷

অনুষ্ঠানৰ আৰম্ভনীতেই প্ৰকৃতি সংগঠন আৰণ্যকৰ সচিব প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰে ভি ডি অ’ বাৰ্তাৰে ছাত্ৰ ছাত্ৰী সকলক শগুণ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ জে ডি এছ জি মহাবিদ্যালয়ৰ কাজিৰঙা অধ্যয়ণ কেন্দ্ৰ আৰু আভ্যন্তৰীণ মান নিয়ন্ত্ৰন কোষৰ সহযোগত আয়োজিত এই অনুষ্ঠানত কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা আৰু মুম্বাই নেচাৰেল হিষ্টি চ’ছায়েটিৰ গৱেষক ড৹ বিশ্বজিৎ চাকদাৰে সমল ব্যক্তি হিচাবে অংশ গ্ৰহণ কৰি শগুণৰ প্ৰজাতি, বিস্তৃতি, সংৰক্ষণ আদিৰ বিষয়ত ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰে ৷

অনুষ্ঠানত ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানৰ গৱেষক জ্যোতিষ ৰঞ্জন ডেকা, মনীষা আশ্ৰফ, অদেশা নায়ক, জে ডি এছ জি মহাবিদ্যালয়ৰ অধ্যাপক প্ৰশান্ত শইকীয়া আৰু শশাংক ধৱল শইকীয়াৰ উপৰিও প্ৰকৃতিবিদ উত্তম শইকীয়াই অংশ গ্ৰহন কৰে ৷ অনুষ্ঠানত কাজিৰঙা অধ্যয়ণ কেন্দ্ৰৰ উদ্যোগত শগুণ সংৰক্ষণৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰীকলৈ এটা ৱাটচ আপ গ্ৰুপ কৰাৰ সিধান্ত গ্ৰহণ কৰি কাজিৰঙাৰ কাষৰীয় অঞ্চলত শগুণ সংক্ৰান্তীয় তথ্য সংগ্ৰহৰ ব্যৱস্থা গ্ৰহণ কৰে ৷

Related Articles