কামৰূপ জিলাৰ অন্তৰ্গত হাজোস্থিত জ্যেষ্ঠ নাগৰিক সুৰক্ষা মঞ্চৰ নিজ ভৱনত হাজো জ্যেষ্ঠ নাগৰিক সুৰক্ষা মঞ্চৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশনখনি সোমবাৰে দিনযোৰা বর্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন হয়।
সেই অনুসৰি পুৱা মঞ্চৰ পতাকা উত্তোলন,গছপুলি ৰোপণ, মঞ্চৰ পদূলিৰ প্ৰৱেশদ্বাৰ উন্মোচন, বিষয় বাছনি সভা, মুকলি সভা, সম্বৰ্ধনা অনুষ্ঠান আদি বর্ণাঢ্য কাৰ্যসূচী সম্পণ্ণ হয় ।

সভাত কামৰূপ ৰত্ন, এমট্ৰনৰ উপ- প্ৰৱন্ধক দীনমণি ভাণ্ডাৰ কায়স্থ ,হাজো ৰাইজ কমিটিৰ সভাপতি মোহন চন্দ্ৰ মালাকৰ, প্ৰাক্তন আয়ুক্ত দেৱেশ্বৰ মালাকৰ, হাজো জ্যেষ্ঠ নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি প্ৰমোদ চন্দ্ৰ ডেকা, কাৰ্যকৰী সভাপতি হাঁহিৰাম কলিতা, সাধৰণ সম্পাদক সম্ভুৰাম দাসকে প্ৰমূখ্যে প্ৰায় শতাধিক জ্যেষ্ঠ গুণী-জ্ঞানী ব্যক্তি উপস্থিত থাকে। ইয়াৰোপৰি এই সভাতেই জ্যেষ্ঠ লোকসকলৰউন্নয়নমূলক সুৰক্ষাৰ স্বাৰ্থত গঠনমূলক আলোকপাত কৰা হয়।

