Breaking

টংলাত ষষ্ঠদশ টংলা আঞ্চলিক বোৱাৰী বিহু সন্মিলন…

0 1,156

ওদালগুৰি জিলাৰ টংলাস্থিত ঐতিহ্যমণ্ডিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতি ভৱনৰ বাকৰিত  দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে  ৮ মে’ত  টংলা আঞ্চলিক বোৱাৰী সন্মিলনে আয়োজন কৰা  ষষ্ঠদশ বাৰ্ষিক বোৱাৰী বিহু উদযাপন সফলতাৰে সম্পন্ন হয়।কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত  বোৱাৰী বিহুৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে টংলা আঞ্চলিক বোৱাৰী বিহু সন্মিলনৰ সভানেত্ৰী ৰঞ্জনা শৰ্মা বৰুৱাই।৯-১৫ বজাত উদযাপন সমিতিৰ সভানেত্ৰী নিবেদিতা ডেকা বৰুৱাই বিহু পতাকা উত্তোলন কৰাৰ পিছতে ৯-৩০ বজাত মহিলা আৰু কণ কণ ল’ৰা -ছোৱালীৰ খেল- ধেমালি  প্ৰতিযোগিতা অনুষ্ঠিত হয়।উদযাপন সমিতিৰ কাৰ্যকৰী সভানেত্ৰী ডলি বৰা ডেকাৰ পৰিচালনাত ১০-৩০ বজাত অনুষ্ঠিত হয় বয়োজ্যেষ্ঠা মহিলাসকলৰ সম্বৰ্ধনা অনুষ্ঠান।১১ বজাত বোৱাৰী বিহু সন্মিলনৰ উপদেষ্টা অজন্তা চৌধুৰীয়ে মঞ্চ উদ্বোধন কৰাৰ পিছতে একক বিহু নাচ ,একক বিহু নাম আৰু জেং বিহু  প্ৰতিযোগিতা  অনুষ্ঠিত হয়।আবেলি ৩-৩০ বজাত চন্দ্ৰপ্ৰভা দত্ত আৰু ৰঞ্জি শইকীয়া ডেকাৰ দ্বাৰা সম্পাদিত স্মৰণিকা   ” বৰ্হমথুৰি”  শুভ উন্মোচন কৰি পানেৰী সমষ্টিৰ প্ৰাক্তন বিধায়িকা কমলী বসুমেতাৰীয়ে  উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বোৱাৰী বিহু সন্মিলনৰ প্ৰয়োজনীয়তা  আছে বুলি কয় ।

বিয়লি ৫-৩০ বজাত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে সাংস্কৃতিক বিভাগৰ সভানেত্ৰী বিজুলী বসুমতাৰীয়ে। উদযাপন সমিতিৰ  সাধাৰণ সম্পাদিকা ৰশ্মিতা শৰ্মা ,সহ সাধাৰণ সম্পাদিকা  যতনা ৰাভা ,সাংস্কৃতিক  বিভাগৰ সম্পাদিকা ৰিপিকা ৰাভাই  জানিবলৈ দিয়ামতে জেং বিহু প্ৰতিযোগিতাত  স্থানপ্ৰাপক প্ৰথম  মংগলদৈ সমন্বয় জেং বিহু  ,দ্বিতীয় মাজবাট গামখাৰু জেং বিহু দল   আৰু তৃতীয় ননাইখুটি  মিলিজুলি জেং বিহু   দলক প্ৰদান কৰা হয়  নগদ ৫০০১ টকা ,৩০০১টকা আৰু ১৫০১টকা।একক বিহু নাচ  প্ৰতিযোগিতাত স্থান প্ৰাপ্ত প্ৰতিযোগীসকল  প্ৰথম কুইন হাজৰিকা,দ্বিতীয় পিংকিমনি হাজৰিকা ,তৃতীয় অনিতা তামুলী আৰু বিহু নাম প্ৰতিযোগিতাত প্ৰথম ৰিজুমনি ডেকা ,দ্বিতীয় অনিতা তামুলী  আৰু তৃতীয় স্থান প্ৰাপক প্ৰেমলতা তামূলীক   প্ৰদান কৰা হয় নগদ ধন।মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বোৱাৰী বিহু সন্মিলনৰ উদ্যোক্তাসকলক ভুয়ুসী প্ৰশংসা কৰে। উদযাপন সমিতিৰ বিষয়ববীয়াই  বিহুপ্ৰেমী ৰাইজক আগবঢ়োৱা  সহযোগিতাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave A Reply