Breaking

আমগুৰিত স্থাপিত ৭০ মেগাৱাট শক্তিসম্পন্ন সৌৰশক্তি প্ৰকল্পৰ আজি শুভ উদ্বোধন

0 92

ছবৰীয়া ঐতিহাসিক অসম আন্দোলন আৰু মহান শ্বহীদসকলৰ অমৰ ত্যাগৰ ফলত স্বাক্ষৰিত অসম চুক্তিৰ ফলশ্ৰুতিত আমগুৰিত স্থাপিত ৭০ মেগাৱাট শক্তিসম্পন্ন সৌৰশক্তি প্ৰকল্পৰ আজি শুভ উদ্বোধন হ’ব । এয়া অতিশয় আনন্দৰ বতৰা। অসম চৰকাৰে ঘৰুৱা শক্তি উৎপাদন বৃদ্ধিৰে আত্মনিৰ্ভৰ অসমৰ ভেটি শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে।

এইক্ষেত্ৰত আমগুৰি সৌৰশক্তি প্ৰকল্পটোৰ ভূমিকা সুদূৰপ্ৰসাৰী হ’ব বুলি মই আশাবাদী, সৰ্বানন্দ সোনোৱালে। ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ হোৱা অভিলাষী প্ৰকল্পটোৰ কাম সম্পন্ন কৰাত সবল ভূমিকা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শক্তিমন্ত্ৰী বিমল বৰাক আন্তৰিক ধন্যবাদ জনায় সৰ্বানন্দ সোনোৱালে।

সৌৰশক্তি প্ৰকল্পটোৱে পৰিৱেশ অনুকূল আৰু সেউজ শক্তি উৎপাদন বৃদ্ধি কৰাৰ লগতে ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ বাবে সংস্থাপনৰ নতুন পথ মুকলি কৰিব, কয় সৰ্বানন্দ সোনোৱালে

Leave A Reply