Breaking

৭ হাজাৰ ডলাৰৰ সুৰা, ইটালীৰ পিজ্জাৰ প্ৰতি আকৰ্ষিত একনায়কত্ববাদী কিম জং উন…

0 57

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী কিম জং উনৰ জীৱনশৈলী আৰু খাদ্যাভ্যাস যথেষ্ট আকৰ্ষণীয় যদিও এই শাসকৰ ব্যক্তিগত জীৱনৰ বিষয়ে অতি কম খবৰ প্ৰকাশ পায়। কাৰণ সেই দেশত ইণ্টাৰনেট সম্পূৰ্ণৰূপে নিষিদ্ধ আৰু সংবাদ মাধ্যমো নিষিদ্ধ। আজি আমি আপোনালোকক ক’ম কিম জঙৰ খাদ্যাভ্যাসৰ বিষয়ে….

এক সাক্ষাতকাৰত ব্ৰিটেইনৰ এজন প্ৰতিৰক্ষা বিশেষজ্ঞই কয় যে কিম জং উন বহু পৰিমাণে এজন মদ্যপায়ী, তেওঁ ভাল পোৱা ব্ৰেণ্ডটোৰ এটা বটলৰ দাম প্ৰায় ৭ হাজাৰ মাৰ্কিন ডলাৰ। কিছুবছৰ পূৰ্বে চীনৰ শুল্ক সাধাৰণ প্ৰশাসনে ৰাজহুৱা কৰা বাণিজ্যিক তথ্য অনুসৰি ৪০ বছৰীয়া একনায়কত্ববাদীগৰাকীয়ে প্ৰতি বছৰে প্ৰায় ৩ কোটি মাৰ্কিন ডলাৰ ব্যয় কৰে উচ্চমানৰ সুৰা আমদানিৰ বাবে।

ৱাইনৰ উপৰিও কিমে ইটালীৰ পাৰ্মা অঞ্চলৰ মাংসৰ সামগ্ৰী পাৰ্মা হামকে ধৰি সুস্বাদু খাদ্য উপভোগ কৰে। ইয়াৰ বাহিৰেও তেওঁ চুইছ এমেণ্টেল চীজ বৰ ভাল পায়।

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদীগৰাকীয়ে জাংক ফুডৰ প্ৰতিও আকৰ্ষিত। আচলতে ১৯৯৭ চনত বিশেষকৈ কিম পৰিয়ালৰ বাবে পিজ্জা বনাবলৈ ইটালীৰ এজন চেফক নিযুক্তি দিয়া হৈছিল। তেওঁ সঘনাই ব্ৰাজিলৰ দামী কফিও উপভোগ কৰে, যাৰ বাবে তেওঁ মাত্ৰ এবছৰত ৯৬৭,০৫১ ডলাৰ খৰচ কৰা বুলি কোৱা হয়।

Leave A Reply