আছুৰ উদ্যোগত মঙলদৈ মহাবিদ্যালয়ৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস

ঐতিহাসিক দৰং জিলাৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ১৯৫১ চনৰ ২০ ছেপ্তেম্বৰত স্থাপিত মঙলদৈ মহাবিদ্যালয়ে সাফল্যৰ ৭০ টা বৰ্ষ অতিক্ৰম কৰিলে। ক’ভিডকালীন পৰিস্থিতিৰ বাবে মহাবিদ্যালয়ত পূৰ্ণাংগ ৰূপত পাঠদান স্থগিত হৈ থকা হেতুকে অনুষ্টুপীয়াকৈ মঙলদৈ মহাবিদ্যালয় আছু গোটৰ উদ্যোগত মহাবিদ্যালয়স্থিত শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে পালন কৰা হয় প্ৰতিষ্ঠা দিৱস। অনুষ্ঠানত প্ৰথম গছি বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ খগেন কুমাৰ নাথে। লগতে তেওঁক সংগ দিয়ে মহাবিদ্যালয়ৰ কেইবাগৰাকীও শিক্ষক-শিক্ষয়িত্ৰীয়ে। অনুষ্ঠানৰ আঁত ধৰে মঙলদৈ মহাবিদ্যালয় আছু গোটৰ ভাৰপ্ৰাপ্ত সভাপতি দীপাঙ্কৰ ওজাই লগতে অনুষ্ঠানত সহযোগ কৰে মঙলদৈ মহাবিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক অনুপম ভৰদ্বাজৰ লগতে কেইবাগৰাকীও সদস্য-সদস্যাই।

Related Articles