২০২৬ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন সমাগত৷ কিছুদিন পিছতে ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ অধিসূচনা৷ এনে সময়তে অসমৰ বাবে কেন্দ্ৰই আগবঢ়াইছে প্ৰায় ৭৪৮ কোটি টকাৰ পুঁজি৷ এই পুঁজিৰে ৰাজ্যখনত নিৰ্মাণ কৰা হ’ব পথ আৰু দলং ৷ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে শুকুৰবাৰে ঘোষণা কৰে যে কেন্দ্ৰীয় পথ আন্তঃগাঁথনি পুঁজি [চি আৰ আই এফ] আঁচনিৰ অধীনত অসমৰ ১০টা পথৰ উন্নয়ন প্ৰকল্পৰ বাবে ৬১৭.৯৮ কোটি টকাৰ অনুমোদন দিয়াৰ লগতে চি আৰ আই এফ সেতু বন্ধন আঁচনিৰ অধীনত ১৬খন দলং প্ৰকল্পৰ বাবে ১২৯.৭৪ কোটি টকা অনুমোদন জনোৱা হৈছে৷
মন্ত্ৰীগৰাকীৰ মতে মুঠ ৭৪৭.৭২ কোটি টকাৰ সংযুক্ত আবণ্টনৰ লক্ষ্য হৈছে আঞ্চলিক সংযোগ শক্তিশালী কৰা, পৰিবহণৰ দক্ষতা বৃদ্ধি কৰা, ভ্ৰমণৰ সময় হ্ৰাস কৰা আৰু সমগ্ৰ ৰাজ্যতে আৰ্থ-সামাজিক বিকাশ বৃদ্ধি কৰা৷ গাডকাৰীয়ে এক্সৰ এটা পোষ্টত লিখিছে, ‘অসমত কেন্দ্ৰীয় পথ আন্তঃগাঁথনি পুঁজি [চি আৰ আই এফ] আঁচনিৰ অধীনত ১০টা পথ উন্নয়ন প্ৰকল্পৰ বাবে ৬১৭.৯৮ কোটি টকা অনুমোদন কৰা হৈছে ৷
ইয়াৰ উপৰি চি আৰ আই এফ সেতু বন্ধন আঁচনিৰ অধীনত ১৬খন দলং প্ৰকল্পৰ বাবে ১২৯.৭৪ কোটি টকা অনুমোদন কৰা হৈছে৷ যোগাযোগ, পৰিবহণৰ কাৰ্যক্ষমতা উন্নত কৰা আৰু ভ্ৰমণৰ সময় হ্ৰাস কৰাৰ দৰে এই পদক্ষেপসমূহে আঞ্চলিকভাৱে যথেষ্ট উন্নতি সাধন কৰিব৷’ গাডকাৰীয়ে লগতে গুৰুত্ব আৰোপ কৰিছে যে ইয়াৰ উপৰি স্থানীয় বাণিজ্য বৃদ্ধি পাব, সামগ্ৰী আৰু মানুহৰ মসৃণ চলাচলৰ সুবিধা হ’ব, ৰাজ্যৰ আৰ্থ-সামাজিক বিকাশত অৰিহণা যোগাব৷

