৭৫ টাকৈ বন্তি প্ৰজ্জ্বলনৰ মাজেৰে ৭৫তম স্বাধীনতা দিৱস পালন ধুবুৰী সীমান্ত চেতনা মঞ্চৰ

এইবেলি স্বাধীনতা দিৱসৰ প্ৰাক্কালত ১৪ আগষ্টত(অখণ্ড ভাৰত সংকল্প দিৱস) আৰু ১৫ আগষ্টত স্বাধীনতা দিৱসৰ দিনা সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে ধুবুৰী জিলাত বিভিন্ন অনুষ্ঠান সুচাৰুৰূপে সম্পন্ন কৰে | ‘অখণ্ড ভাৰত সংকল্প দিৱস’ৰ দিনা সংগঠনটোৱে ধুবুৰী জিলাৰ বিভিন্ন ঠাইৰ লগতে ধুবুৰী নগৰত ১৩ খন ঠাইত ‘অখণ্ড ভাৰত সংকল্প দিৱস’ পালন কৰে | সংগঠনটোৰ কাৰ্য্যকৰ্তাসকলে আল্পনাৰ জৰিয়তে অখণ্ড ভাৰতৰ মানচিত্ৰ অংকন কৰি বিশিষ্ট ব্যাক্তিসকলৰ দ্বাৰা ৭৫ তম স্বাধীনতা দিৱস উপলক্ষে ৭৫ টা কৈ চাকী প্ৰজ্বলন কৰে আৰু দেশখনক অখণ্ড ৰখাৰ সংকল্প পাঠ কৰে |ইয়াৰ পিছত স্বাধীনতা দিৱসৰ দিনা ধুবুৰী নগৰকে ধৰি জিলাখনৰ বিভিন্ন অঞ্চলত সংগঠনটোৱে ৰাষ্ট্ৰীয় পতাকা উত্তলন কৰে আৰু লগতে আন্তঃৰাষ্ট্ৰীয় সীমাত গৈ সৈনিকসকলক শুভেচ্ছা জ্ঞাপনো কৰে |ইয়াৰ উপৰিও ৭৫তম স্বাধীনতা দিৱস উপলক্ষে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে ধুবুৰী নগৰত দিনৰ ১১টা বজাত এটি মনমোহা তিৰংগা যাত্ৰা উলিয়ায় | এই যাত্ৰাৰ শুভাৰম্ভ কৰে সংগঠনটোৰ পূৰ্বোত্তৰৰ সভানেত্ৰী ড:প্ৰতিমা নিয়োগীয়ে |তিৰংগা যাত্ৰাত কণ কণ শিশুসকলে দেশভক্তিমূলক নৃত্যও প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষন কৰে |এইদৰেই সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে সকলো নাগৰিকৰ মাজত দেশপ্ৰেম বঢ়োৱাৰ লক্ষৰে তেওঁলোকৰ প্ৰচেষ্টা অব্যহত ৰাখিছে |  

Related Articles