ডিমৌত উলহ মালহেৰে ৭৫ তম স্বাধীনতা দিৱস উদযাপন

ডিমৌত দেশৰ ৭৫ তম স্বাধীনতা দিৱস ডিমৌ ৰাজহ চক্ৰ বিষয়াৰ কায্যালয়ৰ উদ্যোগত আৰু ডিমৌবাসী ৰাইজৰ সহযোগত  দিনজোৰা কাৰ্যসূচীৰে  উদযাপন কৰা হয়। পুৱা ৭-৩০ বজাত ডিমৌ চৰকাৰী কায্যালয় অনুস্থান প্ৰতিস্থা নত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছতে ৮-৩০ বজাত মাহাত্মা গান্ধী প্ৰতিমূৰ্তি তলত বন্তি প্ৰজলন ও মাল্যপণ কৰে ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঘনকান্ত গগৈয়ে।  শ্বহীদ তৰ্পন কৰে ডিমৌ ৰাজহ চক্ৰ বিষয়া ( সংলগ্ন )  মেৰী ভি ৰালচুনে  । পুৱা ৯ বজাত কেন্দ্ৰীয় ভাৱে ডিমৌ ৰাজহুৱা খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ডিমৌ ৰাজহ চক্ৰবিষয়া ফিলিছ ভি.এল ৰাংচালে। পাতাকা উত্তোলন কৰি ডিমৌবাসীক সম্বোধন কৰি ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে ভাৰতৰ স্বাধীনতা আন্দোলনত প্ৰাণ দিয়া শ্বহীদ সকলক স্মাৰণ কৰে। অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে থাওৰা সমষ্টীৰ প্ৰাক্তন বিধায়ক  সুশান্ত বৰগোহাঁইয়ে। ডিমৌ আৰ্দশ চিকিৎসালয়ত ৰোগীৰ মাজত ফলমূল বিতৰণ  কৰা হয়। এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কীৰ্তি শিক্ষয়িত্ৰী স্বৰ্ণ প্ৰভা গোহাঁই গগৈ উপস্থিত থাকে।

Related Articles