মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

‘মিচিং স্বায়ত্তশাসিত পৰিষদক আমি আদৰ্শ স্বায়ত্তশাসিত পৰিষদ হিচাপে গঢ়ি তুলিছোঁ ৷ পৰিষদখন মিচিং স্বায়ত্তশাসিত পৰিষদ বুলি যদিও আখ্যা দিয়া হৈছে  কিন্তু পৰিষদীয় এলেকাৰ সকলো জাতি-জনগোষ্ঠীৰ বাবে উন্নয়নমুলক কাম পৰিষদে ৰূপায়ন কৰি আহিছে আৰু সকলো শ্ৰেণীৰ লোকে পৰিষদৰ পৰা সুবিধা লাভ কৰি আহিছে’ – এই মন্তব্য মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াৰ৷ মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা  ৭৫ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে তেওঁ এইদৰে মন্তব্য আগবঢ়ায়৷

গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত শুকুৰবাৰে অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসত তেওঁ লগতে কয় যে, পৰিষদে সাধাৰণ জনগণৰ উন্নয়নৰ বাবে সকলো দিশতে গুৰুত্ব দিছে ৷ ইয়াৰে জীৱন-জীৱিকা আঁচনিত মুঠ ৩,০৯,৫০, ০০০ কোটি টকা খৰচ কৰা হৈছে৷ জীৱন-জীৱিকা আঁচনিৰ গাহৰি পালনত ৩ লাখ, ৫০ হাজাৰ,  ছাগলী পালনত ডেৰ লাখ, কুকুৰা পালনত ডেৰ লাখ, মীন পালনত ৩ লাখ ৫০ হাজাৰ, উদ্যান শস্যত ডেৰ লাখ টকা ব্যয় কৰা হৈছে ৷

তেওঁ লগতে কয়- পশু পালক আৰু পশু পালনৰ বাবে প্ৰশিক্ষণ কৰ্মশালা, গৃহ নিৰ্মাণ, পকী দেৱাল নিৰ্মাণ, পশু স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি হাজাৰ হাজাৰ পশু পালকক স্বাৱলম্বী কৰি তোলা হৈছে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু মীন বিভাগত  পকী পাৰ্কিউপাইন,  বাঁহৰ পাৰ্কিউপাইন, বেম্ব স্ক্ৰীন, চেনেল কাটিং, প্ৰাকতিকভাৱে মৎস উৎপাদন, মীন পালকক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ কৃষিকৰ্ম উন্নয়নৰ বাবে কৃষি বান্ধ, কৃষক আৱাস, কৃষিকৰ্ম সুৰক্ষিত কৰিবৰ বাবে পকী চাৰিবেৰ নিৰ্মাণ, লোহাৰ গেট নিৰ্মাণ, পাৱাৰ টিলাৰ বিতৰণ, বৈদ্যুতিক চাউল ফেৰা যন্ত্ৰ বিতৰণ, টুৰিয়া সামগ্ৰী বিতৰণ, স্প্ৰেয়াৰ মেচিন বিতৰণ, বৰো ধান বিতৰণ, কৃষকক আৰ্থিক সাহায্য বিতৰণ কৰা হৈছে ৷

উদ্যান শস্যৰ বাবে ব্যাপক হাৰত ধন বিনিয়োগ কৰিছে পৰিষদে ৷ তেওঁ কয়-কোনো কৃষক বা হিতাধিকাৰীক বিনা প্ৰশিক্ষণত আমি আৰ্থিক সাহায্য দিয়া নাই বা তেওঁলোকক সহযোগ কৰা নাই ৷ প্ৰশিক্ষণৰ অন্ততহে তেওঁলোকক পৰিষদৰ পৰা সুবিধা দিয়া হৈছে ৷

পৰিষদৰ অন্তৰ্গত শিক্ষা ক্ষেত্ৰখনৰ সন্দৰ্ভত তেওঁ কয়- পৰিষদীয় অঞ্চলৰ  মুঠ ৩৯৩ খন বিদ্যালয়-মহাবিদ্যালয়ৰ পকী বেৰ ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰিছে ৷ ৮৮ খন মহাবিদ্যালয়ৰ পুনৰ মেৰামতি, ৪৯ খন বিদ্যালয়-মহাবিদ্যালয়ৰ খেলপথাৰ উন্নীতকৰণ, ২০৮ খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণ,  ২৭৯ খন মাধ্যমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণ, ৫০৭ খন প্ৰাথমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণ,  ২২৩ গৰাকী ছাত্ৰ-ছাত্ৰী গুৱাহাটীৰ অসম ডাউন-টাউন ইউনিভাৰ্চিটিত অধ্যয়ণৰ ব্যৱস্থা কৰা বুলি তেওঁ দোহাৰে৷

মুখ্য কাৰ্যবাহী সদস্য চায়েঙ্গীয়াই ৰাইজক অৱগত কৰে যে, ইতিমধ্যে ৬৫০ গৰাকী শিক্ষাৰ্থীক সৰ্বভাৰতীয় সংযুক্ত প্ৰতিযোিগতামূলক পৰীক্ষা আৰু অসম লোকসেৱা আয়োগৰ প্ৰতিযোগিতমূলক পৰীক্ষা, ৭৪ গৰাকী শিক্ষাৰ্থীক পি এইচ ডি, এম ফিল, ২২০ গৰাকী এম এছ, এম বি বি এছ, বি ডি এছ, বি এইচ এম এছ, বি ভি এছ চি, ৬১৩ গৰাকীক এম টেক, বি টেক, ৮১৩ গৰাকীক পি জি, এল এল বি, এল এল এম, ৮৪ গৰাকীক বিএড, এমএড, ১২৮ গৰাকীক  উচ্চ শিক্ষা, ২২৭ গৰাকী জি এন এম, এ এন এম, ৭২৯১ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা আৰু ১০৪৪১  গৰাকীক হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে ৷ একেদৰে হস্ততাঁত-বস্ত্ৰত ৮৫৯ টা আঁচনি,  পঞ্চায়ত, গ্ৰামোন্নয়ন, যোগাযোগ,  ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ৪৭৪৪ টা আঁচননি ৰূপায়ণ কৰা বুলি তেওঁ দোহাৰে ৷ 

ইয়াৰ পূৰ্বে পুৱা পতাক উত্তোলন কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে ৷ শ্বহীদ তৰ্পণ কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই ৷ মাৰ্চ-পাছৰ অভিবাদন গ্ৰহণ কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে ৷  গণৰাজ্য দিৱসত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন, দেশপ্ৰেমমূলক নৃত্য-গীত, মাৰ্চ-পাষ্ট, বিজ্ঞান মেলা প্ৰতিযোগিতা, কৃষিমেলা অনুষ্ঠিত হয় ৷ অনুষ্ঠানত বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীতে উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰে ৷


তদুপৰি পৰিষদীয় অঞ্চলৰ পৰা বিভিন্ন দিশত অৱদান আগবঢ়োৱা লোকসকলক আৰ্থিক সাহায্যও প্ৰদান কৰা হয় ৷

Related Articles