76th Republic Day । ৭৬ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন কৰিবলৈ মিচিং স্বায়ত্তশাসিত পৰিষদৰ ব্যাপক প্ৰস্তুতি

২৪জানুৱাৰী, ২০২৫ঃ 76th Republic Day । সমগ্ৰ দেশৰ সৈতে একেলগে মিচিং স্বায়ত্তশাসিত পৰিষদেও ৭৬ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে। ধেমাজি জিলাৰ গোগামুখ চুমনস্থিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্মিত মুখ্য কাৰ্যালয়ৰ চৌহদত ২৫ আৰু ২৬ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে গণৰাজ্য দিৱস উদ্‌যাপন অনুষ্ঠিত হ’ব।

এই উদ্‌যাপনৰ এক বিশেষ বৈশিষ্ট্য হ’ল ক্ৰীড়া, সাংস্কৃতিক, সাহিত্য আৰু অন্য নানা প্ৰতিযোগিতাৰ আয়োজন। মিচিং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই গোগামুখস্থিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত অনুষ্ঠিত এখন সংবাদমেলযোগে এই কথা সদৰী কৰে।

সংবাদমেলত জাননী দিয়া মতে, দুদিনীয়া এই কাৰ্যসূচী খুবেই উৎসাহজনক আৰু প্ৰাণবন্ত হৈ উঠিব বুলি পৰিষদৰ আশা। পুৱাৰ পৰা বিভিন্ন প্ৰতিযোগিতা আৰু অনুষ্ঠান আৰম্ভ হ’ব, য’ত অঞ্চলটোৰ সকলো বয়সৰ লোকৰ অংশগ্ৰহণৰ সুযোগ থাকিব। আনহাতে, স্থানীয় কলা-সংস্কৃতিৰ প্ৰদৰ্শনৰ যোগেদি অঞ্চলটোৰ ঐতিহ্যকো প্ৰতিফলিত কৰাৰ এক প্রয়াস হাতত লোৱা হৈছে।

উৎসৱটোক সফল কৰি তোলাৰ বাবে পৰিষদৰ লগতে স্থানীয় জনগণো বিশেষভাৱে আগ্ৰহী। পৰিষদৰ উচ্চপদস্থ কৰ্মচাৰীসকলে জাননী দিছে যে, এই উদ্‌যাপন দেশৰ জাতীয় একতা আৰু সাংস্কৃতিক বিৰংগতাৰ প্রতিচ্ছবি হ’ব। ৭৬ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপনক এক স্মৰণীয় অনুষ্ঠান ৰূপে গঢ়ি তোলাৰ বাবে সকলো প্ৰস্তুতি পূৰ্ণ হৈ আছে

Related Articles