76th Republic Day celebrations in Nazira । নাজিৰাত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন: ঐক্য সমাৰোহত স্থানীয় উৎপাদনৰ বিশেষ প্ৰদৰ্শনী

২৭ জানুৱাৰী, ২০২৫ নাজিৰা: 76th Republic Day celebrations in Nazira । ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ঐতিহাসিক নাজিৰা বৰবৰুৱা পুখুৰীৰ পাৰত “ঐক্য সমাৰোহ” শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই সমাৰোহ ২৬ জানুৱাৰীৰ পৰা আৰম্ভ হৈ ২৮ জানুৱাৰীলৈকে অনুষ্ঠিত হ’ব।

নাজিৰা সমজিলা আয়ুক্ত কণিকাই শুভ উদ্বোধন কৰা এই অনুষ্ঠানত কেইবাটাও চৰকাৰী, বে-চৰকাৰী প্ৰতিষ্ঠান আৰু আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে। স্থানীয়ভাৱে উৎপাদিত খাদ্য সামগ্ৰী, বস্ত্ৰ আৰু অন্যান্য সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে উপলব্ধ। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই সমাৰোহৰ মূল লক্ষ্য হ’ল স্থানীয় উৎপাদকসকলক প্ৰচাৰ দিয়া আৰু তেওঁলোকৰ সামগ্ৰীৰ বিক্ৰীৰ বাবে এটা সুবিধাজনক পৰিৱেশ সৃষ্টি কৰা।

তথাপি, অনুষ্ঠানৰ স্থান আৰু প্ৰচাৰৰ অভাৱত বিক্ৰেতাসকলে কিছুমান সমস্যাৰ সন্মুখীন হৈছে। এগৰাকী স্থানীয় বিক্ৰেতাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে, “স্থান নিৰ্ধাৰণ আৰু আগতিয়াকৈ যথেষ্ট প্ৰচাৰৰ অভাৱৰ ফলত এইবাৰ বিক্ৰীৰ পৰিমাণ কম হৈছে। ভবিষ্যতে এনে ধৰণৰ অনুষ্ঠান নগৰৰ কেন্দ্ৰত আৰু আগতিয়াকৈ প্ৰচাৰৰ ব্যৱস্থা কৰি আয়োজন কৰা উচিত।”

উল্লেখযোগ্য যে, এই সমাৰোহত ৰাইজে স্থানীয় সামগ্ৰীৰ সৈতে পৰিচিত হোৱাৰ সুযোগ পাবলৈ লগতে থলুৱা শিল্প আৰু উৎপাদনক উৎসাহিত কৰিবলৈ প্ৰশাসনৰ এই প্ৰয়াসক ৰাইজে সাধুবাদ জনাইছে।

Related Articles