বিশ্বনাথৰ দিলীচাঙত সপ্তম বাৰ্ষিক “ৰংকেৰ উৎসৱ ” উদযাপন

বিশ্বনাথৰ দিলীচাঙত কাৰ্বি সকলৰ অন্যতম ৰংকেৰ উৎসৱ অতি উলহমালহেৰে উদযাপন কৰা হয় ৷ হেমফু-মুক্ৰাং ৰংকাংথিম জিৰচং আচং ৰ উদ্যোগত দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হোৱা সপ্তম বাৰ্ষিক উৎসৱভাগৰ পহিলা দিনাখনৰ পুৱা ৭ বজাত সামাজিক মুখিয়াল চাৰ্থেৰাম ক্ৰোয়ে অধিবেশনৰ তোৰণ মুকলি কৰে ৷ ৭:৩০ বজাত হেমফু-মুক্ৰাং ৰংকাংথিম জিৰচং আচঙৰ সভাপতি মনসিং টকবীয়ে পতাকা উত্তোলন কৰাৰ পাছত কাৰ্বি সমাজৰ পুৰোহিত ক্ৰমে বাবুৰাম টকবী, চা’ৰেট আমৰি, লিণ্ডক ৰংহাং , সুৰেন টকবী ,চাৰকাহাং আমৰি, আৰু ডক্টৰাম টকবীয়ে স্মৃতি তৰ্পণ কৰে ৷ তৎপশ্চাৎ বিভিন্ন ধৰণৰ খেলধেমালিৰ প্ৰতিযোগিতা হয় ৷ দুপৰীয়া আহাৰ বিৰতিৰ পাছতেই ৰংকেৰ ৰং-আজে বিশ্বনাথ জিলাৰ সভাপতি সঞ্জীৱ ৰংপীয়ে আলোচনা সভাখনৰ শুভ উদ্বোধন কৰা কাৰ্বিসকলৰ পৰম্পৰাগত ধৰ্মীয় উৎসৱ পাৰ্বন লগতে সাহিত্য , সংস্কৃতি , আৰ্থসামাজিক , শৈক্ষিক , দিশৰ ওপৰত আলোচনা কৰা হয় ৷তাৰপাছতেই জনগোষ্ঠীয় সাহিত্য বিষয়ক কুইজ প্ৰতিযোগিতা আৰু পৰৱৰ্তী সময়ত সাংস্কৃতিক অনুষ্ঠান হোৱা গীতনৃত্যাদি কৰি পহিলা দিনাখনৰ কাৰ্যসুচী সিমানতে ইতি পৰে ৷ তদ্ৰুপ দ্বিতীয় দিনাখনৰ পুৱা ৮ বজাত বিশিষ্ট সমাজসেৱক বাবুৰাম টকবীয়ে সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷

১০ বজাত হেমফু-মুক্ৰাং ৰংকাংথিম জিৰচং আচঙৰ উপদেষ্টা মুহি টকবীৰ সভাপতিত্বত হোৱা মুলসভাত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে কাৰ্বি সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বাৰিম ইংতি মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে ৷ নিদিষ্ট বক্তাদ্বয় ST Board Chairman সোনাৰাম ইংতি আৰু Women Jastice Foram ৰ সভানেত্ৰী বিউলেট বেপীয়ে কাৰ্বি সমাজৰ বিভিন্ন দিশসমূহ সামৰি বক্তব্য ৰাখে ৷ সন্ধিয়াৰ ভাগত হোৱা সাংস্কৃতিক অনুষ্ঠানত গীতনৃত্যাদি কৰাৰ লগতে স্থানীয় কণ্ঠশিল্পী ৰাজু ৰংপীয়ে গীত পৰিবেশন কৰি অনুষ্ঠান জীপাল কৰি তোলে ৷ এনেদৰেই সফল সামৰণি পৰে কাৰ্বি সকলৰ ৰংকেৰ উৎসৱ ৷

Related Articles