মাজুলীত সপ্তম জিলা দিৱস উদযাপন । সমগ্ৰ শিক্ষানুষ্ঠান, প্ৰতিষ্ঠান তথা গাঁৱত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে জিলা দিৱস পালন। মাজুলীৰ বিধায়ক তথা জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি ৬ ছেপ্টেম্বৰৰ পৰা ৮ ছেপ্টেম্বৰলৈ মাজুলী জিলা দিৱস পালন কৰা হৈছে।
মঙলবাৰে পুৱাই মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৬ ছেপ্টেম্বৰৰ পৰা ৮ ছেপ্টেম্বৰ, ২০২২ তাৰিখলৈকে সপ্তম “জিলা দিৱস” উদযাপন কৰা হয়৷ জিলা দিৱস উপলক্ষে, মঙ্গলবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত পতাকা উত্তোলন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে বিধায়ক ভুৱন গামে। উল্লেখ্য যে,২০১৬চনৰ ২৭ জুনত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ একমাত্ৰ দ্বীপ জিলা হিচাপে ঘোষণা কৰিছিল।
আজিৰে পৰা অনুষ্ঠিত হোৱা জিলা দিৱস অনুষ্ঠানটি সফল ৰূপায়ণৰ বাবে বিধায়ক ভুৱন গামে শুভকামনা জনোৱাৰ লগতে সন্ধিয়া ঘৰে ঘৰে এগছি বন্তি প্ৰজ্বলন কৰিবলৈ সকলোকে আহ্বান জনায়। ইফালে উজনি মাজুলীৰ আগশাৰী শিক্ষানুষ্ঠান খেৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জাহ্নৱী লহকৰ বৰুৱাৰ নেতৃত্বত তথা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত নতুনবজাৰত এক বৰ্ণাঢ্য পদযাত্ৰা ৰূপায়ণ কৰে। উক্ত পদযাত্ৰাত ৫ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যাপক ড° উপেন বৰা, মানিক চন্দ্ৰ পায়ুন, দীপক গুপ্তা আদি অংশগ্ৰহণ কৰে।

