7th FIDE RATING CHESS TOURNAMENT-2025: ৭ম আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিদে ৰেটিং দবা প্ৰতিযোগিতা

অসমৰ মৃণ্ময় ৰাজখোৱা(7th FIDE RATING CHESS TOURNAMENT-2025)আৰু নিহাদ ইছলাম হাজৰিকা, পশ্চিমবংগৰ দেৱায়ন ৰায়, কেৰেলাৰ কৰণ জে পি আৰু ডিফেন্স একাউণ্টছ স্পৰ্টছ কণ্ট্ৰ’ল ব’ৰ্ডৰ অজয় কুমাৰ ৰায়ে ৭ম আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিদে ৰেটিং দবা প্ৰতিযোগিতাৰ ছয়টা ৰাউণ্ড সম্পূৰ্ণ হোৱাৰ পাছত যুগ্মভাৱে শীৰ্ষস্থান অধিকাৰ কৰিছে।

পশ্চিমবংগৰ ৰূপম মুখাৰ্জী আৰু অনিকেত নাৰায়ণ বিশ্বাস, দিল্লীৰ সৈকত নাথ, অসমৰ চোৰাম ৰাহুল সিং, তন্ময় ৰাজবংশী, অৰ্ণৱ ফুকন, অভিনৱ দাস, আৰহান ৰহমান বৰা আৰু আচিতাংগ কাশ্যপে ৫ পইণ্টকৈ লাভ কৰি দ্বিতীয় স্থানত আছে।

এই প্ৰতিযোগিতা গুৱাহাটীস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ অডিটৰিয়ামত অনুষ্ঠিত হৈ আছে। প্ৰতিযোগিতাখন ৮ জুলাইৰ পৰা ১৩ জুলাই, ২০২৫ তাৰিখলৈকে দাব খেলুৱৈ অভিভাৱক মঞ্চৰ উদ্যোগত অনুষ্ঠিত হৈছে।

এই প্ৰতিযোগিতাখন বিশ্ব দবা ফেডাৰেচন(FIDE), সৰ্ব্ব ভাৰতীয় দবা ফেডাৰেচন (AICF) আৰু সদৌ অসম দবা সন্থাৰ স্বীকৃতিপ্ৰাপ্ত।

দিল্লী, ওডিশা, পশ্চিমবংগ, উত্তৰ প্ৰদেশ, ত্ৰিপুৰা, তেলেংগানা, তামিলনাডু, মেঘালয়, মণিপুৰ, কেৰেলা, গুজৰাট আৰু অৰুণাচল প্ৰদেশৰ ৩৩৪ জন খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছে। মুঠ ৪,০০,০০০ টকা পুৰস্কাৰ হিচাপে বিতৰণ কৰা হ’ব। প্ৰতিযোগিতাখন ১৩ জুলাই, ২০২৫ তাৰিখে সমাপ্ত হ’ব।

Related Articles