ডিব্ৰুগড়ৰলৈ গৌৰৱ কঢ়িয়ালে ৮ বছৰীয়া জেনিফাৰ আহমেদে

ৰাজ্যিক ভিত্তিত গুৱাহাটীত অনুষ্ঠিত হোৱা আচাম গৌট টেলেণ্ট প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ পৰা অংশগ্ৰহণ কৰি চূড়ান্ত প্ৰতিযোগিতাত স্পাৰ্কলিং পাৰফৰমেন্স খিতাপ অৰ্জন কৰি সমগ্ৰ ৰাজ্যখনৰ লগতে ডিব্ৰুগড়বাসীৰ বাবেও গৌৰৱ কঢ়িয়াই আনিলে লালুকা গাঁওৰ ইলু বেগমৰ ৮ বছৰীয়া কন্যা জেনিফাৰ আহমেদে।

প্ৰায় ৯ মাহ ধৰি বহুতো প্ৰতিষ্ঠানৰ পৰা নৃত্যৰ প্ৰশিক্ষণ লোৱাৰ লগতে নিজা বাসগৃহতো সামাজিক মাধ্যমৰ জৰিয়তে নিজকে প্ৰস্তুত কৰিছিল জেনিফাৰে।

উল্লেখনীয় যে সুদুৰ গোৱাট ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হব লগিয়া টেলেণ্ট হাণ্ট ইণ্ডিয়াৰ শ্বোত নাম অন্তৰ্ভুক্ত হোৱাৰ কথা উল্লেখ কৰিছে মাতৃ আৰু জেনিফাৰে।

লগতে জেনিফাৰক আগুৱাই নিয়াত ৰাজ্যবাসী আৰু ডিব্ৰুগড়বাসীৰ সহায় সহযোগিতাৰ কামনা কৰিলে জেনিফাৰৰ মাতৃয়ে।

Related Articles