Breaking

স্বাধীনতা সংগ্ৰামীৰ ৮০ বছৰীয়া পত্নীক জীৱন্তে জ্বলাই দিলে দুস্কৃতিকাৰীয়ে…

0 46

মণিপুৰ হিংসা: স্বাধীনতা সংগ্ৰামীৰ ৮০ বছৰীয়া পত্নীক দুস্কৃতিকাৰীয়ে ঘৰতে জীৱন্তে জ্বলাই দিলে! মণিপুৰৰ দুগৰাকী মহিলাক জাতিগত সংঘৰ্ষত উলংগ কৰি পেৰেড কৰা ভয়ানক ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে মণিপুৰৰ পৰা অহৰহ বহু হৃদয় বিদাৰক আৰু কল্পনা কৰিব নোৱাৰা ভয়ানক কাহিনী প্ৰকাশ পাইছে।

শেহতীয়াকৈ মণিপুৰৰ কাকছিং জিলাৰ এটা সশস্ত্ৰ সংগঠনে এগৰাকী স্বাধীনতা সংগ্ৰামীৰ পত্নী ৮০ বছৰীয়া বৃদ্ধাক নিজৰ ঘৰতে জীৱন্তে জ্বলাই দিয়াৰ খবৰ আহিছে। খবৰ অনুসৰি যোৱা ২৮ মে’ত কাকছিং জিলাৰ চেৰেউ গাঁৱত সশস্ত্ৰ দলটোৱে তেওঁক ঘৰৰ ভিতৰতে আৱদ্ধ কৰি অগ্নিসংযোগ কৰে। মৃত মহিলাগৰাকীৰ প্ৰয়াত স্বামী এছ সুৰচন্দ সিঙক এসময়ত প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে সম্বৰ্ধনা জনাইছিল।

Leave A Reply