Breaking

পূৰ্বৰ অভিলেখ ভংগ কৰি ৮১.০১ শতাংশ ভোটদান মাজুলীত

0 16

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অংশ হিচাপে আজি দেশৰ একাংশ সমষ্টিৰ লগতে অসমৰো পাঁচ লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হয়। একেদৰে ১৪ নং যোৰহাট লোকসভা সমষ্টিতো আজি ভোটগ্ৰহণ অনুষ্ঠিত হয়। সমষ্টিটোৰ অন্তৰ্গত মাজুলী বিধান সভা সমষ্টিতো আজি পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহন প্ৰক্ৰিয়া আৰম্ভ হয়। এই লৈ পুৱা ৬ বজাৰ পৰাই মাজুলীৰ ১০ টা মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰৰ লগতে সৰ্বমুঠ ১৭৬ টা ভোটকেন্দ্ৰত পুৱাৰে পৰা বয়োজ্যেষ্ঠ ব্যক্তি, বিশেষভাবে সক্ষম ব্যক্তি, নতুন ভোটাৰ তথা যথেষ্ঠ সংখ্যক মহিলা ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহি শাৰী পতা পৰিলক্ষিত হয়।

পুৱাই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে ৬৮ নং আউনীআটী উঃ মাঃ বিদ্যালয়ৰ আদৰ্শ ভোট কেন্দ্ৰত পুৱা ৭ বজাতে ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটাধিকাৰ এখন ৰাষ্ট্ৰৰ প্ৰতি জনসাধাৰণৰ একপ্ৰকাৰৰ দায়বদ্ধতাকে বুজায়। সকলোৱে ইয়াক কৰ্তব্য বুলি ভাবি ভোটাধিকাৰ প্ৰদান কৰা উচিত বুলি সত্ৰাধিকাৰ গৰাকীয়ে উল্লেখ কৰে। ইফালে ৮৬ নং সোণাপাৰা প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়েও পুৱাৰ ভাগতে ভোটাধিকাৰ সাব্যস্ত কৰে। পুৱাৰ ভাগতে ২৬ নং আঠিয়াগুৰি মিছিং প্ৰাথমিক বিদ্যালয়ত মাজুলীৰ বিধায়ক ভুৱন গামেও ভোটাধিকাৰ সাব্যস্ত কৰে।


ইফালে মাজুলীৰ কমলাবাৰী অঞ্চলৰ ক্ৰমে লাহলিয়াল প্ৰাথমিক বিদ্যালয়,২ নং ওপৰকাটনি প্ৰাথমিক বিদ্যালয়,নাৰায়ণ চন্দ্ৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়, ১ নং বুনিয়াদী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈকে ভোটাৰে ভিৰ কৰে। আনহাতে উজনি মাজুলীৰ ক্ৰমে ১২৫ নং ভকতিদুৱাৰ উঃ মাঃ বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰ, ১২৬ নং ভকতিদুৱাৰ প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰ, লখিমী বৰপমুৱা প্ৰাথমিক বিদ্যালয়, বৰপমুৱা ব্লক এলপি স্কুল, কডালগুৰি এলপি স্কুল, জেংৰাইমূখ হাইস্কুল, ভেউচুক কুমাৰবাৰী এলপি স্কুল, নামনি চেৰেপাই এলপি, চেৰেপাই হাইস্কুল, ২ নং উজনি চেৰেপাই এলপি স্কুল, গোপাল দেউৰী এলপি স্কুল, মাজৰ দেউৰী ট্ৰাইবেল হাইস্কুল, ৯৪ নং কুহিয়াৰবাৰী এলপি, পানিখাটী এলপি, ৯৭ নং শুকান সূতি মায়েঙীয়া এলপি স্কুল, ৯৬ নং ফুটচাং এলপি, ৰতনপুৰ মিৰি হাইস্কুল, ৰতনপুৰ মিৰি এমভি, ৰতনপুৰ গাৰ্লছ, ৰতনপুৰ মিৰি নেহেৰু স্মৃতি এলপি, নামনি লাচন এলপি, ১৪০ নং বনৰীয়া চাপৰি এলপি, ৩২ নং সোনোৱাল কছাৰী এলপি, চাউৰেকিয়া এলপি, ৩৯ নং নামনি গেজেৰা এলপি, টাকাৰচুক আৰু ধূনাখান্দা এলপি স্কুল ভোটকেন্দ্ৰতো পুৱাৰে পৰা ৫ বজালৈকে ভোটাৰ ৰাইজে ভিৰ কৰি ভোটাধিকাৰ সাব্যস্ত কৰে। চিলাকলা, কাঠনিআটীকে ধৰি একাংশ ভোটকেন্দ্ৰত বিয়লি ৪.৪৫ বজালৈকে ৫০০, ৮০০ মানুহে ভোট কেন্দ্ৰত ভিৰ কৰি থকা পৰিলক্ষিত হয়।

যাৰ পৰিপ্ৰেক্ষিতত অতিৰিক্ত বহু কৰ্মচাৰী উক্ত ভোটকেন্দ্ৰ সমূহত সহায়ৰ বাবে জৰুৰী ভাৱে পঠাবলগীয়া হয়। সেইদৰে মধ্য মাজুলীৰ মৰিটুনি প্ৰাথমিক বিদ্যালয়, মধ্য মাজুলী পাৰিজাত উচ্চ মাধ্যমিক বিদ্যালয় (মহিলা) ভোট গ্ৰহণ কেন্দ্ৰ, পীতাম্বৰ দেৱ ছোৱালী হাইস্কুল ( আদৰ্শ )মহিলা ভোট গ্ৰহণ কেন্দ্ৰ, গড়মূৰ বৰসত্ৰ ২০৬ নং খোনাচুক এলপি মহিলা ভোটগ্ৰহণ কেন্দ্ৰ, শংকৰজ্যোতি হাইস্কুল মহিলা ভোটগ্ৰহণ কেন্দ্ৰ, ১ নং কমলাবাৰী প্ৰাথমিক বিদ্যালয় মহিলা ভোটগ্ৰহণ কেন্দ্ৰ, চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় মহিলা ভোটগ্ৰহণ কেন্দ্ৰতো বিয়লিলৈকে ভোটাৰ ৰাইজৰ দীঘলীয়া শাৰী দেখা গ’ল। ইফালে নামনি মাজুলীৰ শ্ৰীলুইত হাইস্কুল,বালিচাপৰি এল পি স্কুল,খাৰজান পাৰ হাইস্কুল,কাকৰিকতা এল পি স্কুল আদি ভোট কেন্দ্ৰ সমূহতো অধিকাংশ ভোট পুল হোৱাৰ খবৰ পোৱা গৈছে। ইফালে মাজুলীৰ মূল ভূখণ্ডৰে বিশ্চিন্ন হৈ থকা আঁহতগুৰিৰ আটাইকেইটা ভোটকেন্দ্ৰ, মাজুলীত নতুনকৈ সংযোগ হোৱা লোহিত খাবলু অঞ্চলৰ ভোট কেন্দ্ৰ সমূহতো ৰাইজৰ সহাৰি পৰিলক্ষিত হয়।

ইফালে দক্ষিণপাট অঞ্চলৰ দক্ষিণপাট সত্ৰ হাইস্কুল, দক্ষিণপাট কলিতা গাওঁ এল পি স্কুল,দক্ষিণ পাট কুমাৰ গাওঁ এল পি স্কুল ভোট কেন্দ্ৰতো বাতৰি লিখাৰ পৰলৈকে ভোট কেন্দ্ৰ কেইটিত থকা মুঠ ভোটাৰৰ অধিকাংশই ভোটাধিকাৰ সাব্যস্ত কৰা বুলি জানিব পৰা গৈছে। সেইদৰে বনগাও অঞ্চলৰ বনগাও এম ভি স্কুল, বনগাও ছোৱালী হাইস্কুল,মেৰাগড় নাৰায়ণ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটকেন্দ্ৰ সমূহতো ভোটদানৰ হাৰ উৎসাহজনক বুলি জানিব পৰা গৈছে। ইফালে তথ্য অনুসৰি পুৱাৰ ভাগত ৩৭ নং জোৰবিল বনিয়া প্ৰাথমিক বিদ্যালয়, ৬১ নং বাঁহপৰা এলপি স্কুল ভোটকেন্দ্ৰত ইভিএম বিকল হোৱাৰ ফলত প্ৰায় ১ ঘন্টা ১৫ মিনিট পলমকৈ ভোটগ্ৰহণ আৰম্ভ হয়। আনহাতে ভোটগ্ৰহণ চলি থকাৰ সময়তে ১২৫ নং ভকতিদুৱাৰ উঃ মাঃ বিদ্যালয় ভোটকেন্দ্ৰতো ইভিএম বিকল হৈ পৰাত প্ৰায় ১ ঘন্টা সময় ৰাইজ অশ্বস্তিত ভুগিবলগীয়া হয়। আনহাতে মাজুলীৰ বিধায়ক ভুৱন গামে ভোটদান কৰা ২৬ নং আঠিয়াগুৰি মিছিং প্ৰাথমিক বিদ্যালয়তো ২৫০ লোকে ভোটদান কৰিবলৈ বাকী থকাৰ মুহূৰ্তত বিয়লি ইভিএম বিকল হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰায় এক ঘণ্টা ধৰি ভোটদান বন্ধ থাকে।

বিধান সভা সমষ্টিটোত ভোটদানৰ হাৰ ক্ৰমে পুৱা ৯ বজাত ১১.৬৩%, ১১ বজাত ৩১.৫৪% আৰু ১ বজাত ভোটদানৰ হাৰ ৫০.৪৭% আছিল। সমষ্টিটোত ক্ৰমে ভোটদানৰ হাৰ বৃদ্ধি হৈ বিয়লি ৩ বজালৈকে ৯৪,৮৫১ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে আৰু শতকৰা হিচাপত ৬৭.৩৮% ভোটদান সাব্যস্ত হয়। ইফালে ৫ বজাৰ লগে লগে ভোটগ্ৰহণ অন্ত পৰে যদিও একাংশ ভোটকেন্দ্ৰ তেতিয়াও ভোটাৰে ভোট কেন্দ্ৰৰ ভিতৰত শাৰী পাতি থকাৰ পৰিপ্ৰেক্ষিতত শ্লীপ দি ভোটগ্ৰহণ অব্যাহত ৰাখে। ইফালে ভোটগ্ৰহণৰ নিৰ্ধাৰিত সময়ৰ অন্তত মাজুলীত ভোটদানৰ হাৰ হৈছে প্ৰায় ৮১.০১%। সেই অনুসৰি মাজুলীৰ সৰ্বমুঠ ১,১৪,০৩৯গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰাই সমষ্টিটোত ভোটদানৰ পূৰ্বৰ অভিলেখ ভংগ কৰি অভাৱনীয় ভোটদান সাব্যস্ত কৰা পৰিলক্ষিত হয়।


বাতৰি লিখাৰ পৰলৈকে সৰু বৰ দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে মাজুলীত ভোটগ্ৰহণ শান্তিপূৰ্ণ বুলি ক’ব পাৰি।এইবাৰ মাজুলীৰ ৭১,৪৮৪ গৰাকী পুৰুষ ভোটাৰ আৰু ৬৯,২৮৮ গৰাকী মহিলা ভোটাৰ আছে। মাজুলী সমষ্টিৰ মুঠ ১,৪০৭৭২ গৰাকী ভোটাৰে লোকসভা সমষ্টিটোত কংগ্ৰেছৰ গৌৰৱ গগৈ,বিজেপিৰ তপন কুমাৰ গগৈ সহ আন দুগৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় কৰিব।

Leave A Reply