Breaking

গাঁত খান্দি মাটিৰ তলত পুতিলে অৰবিন্দ বিদ্যা নিকেতন হাইস্কুলৰ নষ্ট হোৱা মধ্যহ্ন ভোজনৰ ৮১ বস্তা চাউল

0 102

ঢেকীয়াজুলি শিক্ষাখণ্ডৰ অন্তৰ্গত পিৰাকটা গাওঁ পঞ্চায়ত এলেকাৰ লুলুকাই অৰবিন্দ বিদ্যা নিকেতন হাইস্কুলত মঙলবাৰে গাঁত খান্দি পুতিলে নষ্ট হোৱা ৮১ বস্তা ছাত্ৰ ছাত্ৰীৰ মধ্যহ্ন ভোজনৰ চাউল৷ উল্লেখ্য যে ঢেকীয়াজুলি শিক্ষা খণ্ডৰ অন্তৰ্গত লুলুকাই অৰবিন্দ বিদ্যা নিকেতন হাইস্কুলৰ প্ৰাধান শিক্ষক ৰাখাল চাকলাদাৰৰ দায়িত্বহীনতাৰ বাবে বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰতে নষ্ট হৈছিল ১২০ বস্তা ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল৷

প্ৰধান শিক্ষকৰ মইমতালি আৰু দায়িত্বহীনতাৰ কাৰণে ৰাজকোষৰ ধন ব্যয় কৰি চৰকাৰে ছাত্ৰ ছাত্ৰীৰ মধ্যহ্ন ভোজনৰ বাবে যোগান ধৰা চাউল দণ্ডাদিশ তন্ময় বৰাৰ উপস্থিতিত আজি গাঁত খান্দি পুতিবলগীয়া হল অৰবিন্দ বিদ্যা নিকেতন হাইস্কুলত৷ অতিকৈ পৰিতাপৰ বিষয় যে ছাত্ৰ ছাত্ৰীক মধ্যহ্ন ভোজনৰ পৰা বঞ্চিত কৰি অৰবিন্দ বিদ্যা নিকেতন হাইস্কুলৰ প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয়ৰ শ্ৰেণীকোঠাত মজুত কৰিছিল ১২০ বস্তা চাউল৷

পাচলৈ উক্ত বিষয়টো পোহৰলৈ অহাত বিদ্যালয়খনিত স্থানীয় ৰাইজ আৰু অভিবাবক সকলে সৃষ্টি কৰিছিল হুলস্থূলীয়া পৰিবেশৰ আনকি বিদ্যালয়ৰ প্ৰধান শিক্ষক সহিতে শিক্ষক শিক্ষয়িত্ৰী সকলক ৰাইজে আবদ্ধ কৰিছিল বিদ্যালয়ৰ চৌহদত৷তেনেস্থলত ঢেকীয়াজুলি আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই বৃহৎ আৰক্ষীৰ দল লগতলৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল৷

ইয়াৰ পাছতে শোণিতপুৰ জিলাৰ তদন্তকাৰী দল আহি উপস্থিত হৈছিল লুলুকাই অৰবিন্দ বিদ্যা নিকেতন হাইস্কুলত আৰু এই ক্ষেত্ৰত প্ৰধান শিক্ষকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও সদৰি কৰিছিল৷যদিও আজিলৈকে কোনো ব্যৱস্থা নহল ছাত্ৰ ছাত্ৰৰ পেটত আঘাত কৰা প্ৰধান শিক্ষক ৰাখাল চাকলাদাৰৰ বিৰুদ্ধে৷নষ্ট চাউলখিনিৰ বাবে বিদ্যালয়ৰ চৌহদত সৃষ্টি হৈছিল দুৰ্গন্ধময় পৰিবেশৰ ৷সেয়েহে আজি ঢেকীয়াজুলিৰ ৰাজহ চক্ৰ বিষয়া তন্ময় বৰাৰ উপস্থিতিত জেচিবিৰ জৰিয়তে গাঁত খান্দি পুতিলে ৮১ বস্তা ছাত্ৰ ছাত্ৰী মধ্যহ্ন ভোজনৰ চাউল৷চাউলখিনি ভাল হৈ থকা অৱস্থাত ৰাইজে চাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰিবলৈ বাৰম্বাৰ আবেদন জনাইছিল যদিও প্ৰধান শিক্ষকগৰাকীয়ে নিজৰ অংকত ব্যস্ত থাকি বিতৰণ কৰা নাছিল চাউলখিনি৷

ফলত শ্ৰেণীকোঠাৰ ভিতৰতে নষ্ট হৈছিল মুঠ ১২০ বস্তুা চাউল৷আজি চক্ৰ বিষয়া তন্ময় বৰাৰ উপস্থিতিত ৮১ বস্তা চাউল গাঁতত পুতি দিয়া হয়৷ইয়াকেলৈ আজি ৰাইজ তথা অভিবাবক সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ এইক্ষেত্ৰত আজি সংবাদ মাধ্যমৰ আগত ঢেকীয়াজুলিৰ ৰাজহচক্ৰ বিষয়া তন্ময় বৰাই কয় শিক্ষক সকলৰ এনে দায়িত্বহীনতাৰ বাবে আজি ছাত্ৰ ছাত্ৰীৰ অহাৰ মাটিৰ তলত পুতিবলগীয়া হৈছে৷

এই ক্ষেত্ৰত নিচ্ছই বিভাগীয় ভাবে কঠোৰ ব্যৱস্থা গহণ কৰা হব৷আজি চাউলখিনি গাঁতত পুতাৰ সময়ত ঢেকীয়াজুলিৰ খণ্ড শিক্ষা বিষয়া আবুল খেল,সহকাৰী খণ্ড শিক্ষা বিষয়া দুলাল দাস,বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি স্বপন হাজাৰী,সমাজকৰ্মী নমকৃষ্ণ মিত্ৰ,দ্বীপন মিত্ৰৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে৷ ইপিনে অভিবাবক আৰু ৰাইজে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীক দাবী জনাইছে৷

Leave A Reply