Breaking

হাজো বৰছলিত ৮১ গৰাকী কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন…

0 67

আজি কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত বৰছলি অঞ্চলৰ অৱস্থিত বৰছলি আঞ্চলিক জাতীয়বিদ্যালয়, ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত এখনি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। হাজোৰ সংখ্যালঘু অধ্যুষিত অঞ্চল বৰছলিৰ মিলপাৰাস্থিত বৰছলি আঞ্চলিক জাতীয়বিদ্যালয়ৰ পৰা ৩ গৰাকী ডিষ্টিংচন, ১২ গৰাকী ষ্টাৰ’প্ৰাপ্তৰসৈতে মুঠ ৪৭ গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ লগতে অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ সৰ্বমুঠ ৮১গৰাকী শিক্ষাৰ্থীক ফুলাম গামোচা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানটিত কৃত্বীবান শিক্ষাৰ্থীক উদ্দেশ্য কৰি শিক্ষক আতাউৰ ৰহমান, অৱসৰপ্ৰাপ্ত শিক্ষক তথা মুজাফৰ মেমৰিয়েল ইংলিছ একাডেমীৰ অধ্যক্ষ ইদ্ৰিছ আলী, অসম যুৱ পৰিষদ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক আতাউৰ ৰহমানে বক্তব্যৰে উৎসাহিত কৰা পৰিলক্ষিত হয়। বিদ্যালয়ৰ চৌহদত অৱসৰপ্ৰাপ্ত বিডিঅ জয়ান আলীৰ পৌৰহিত্যত অনুষ্ঠিত হয় সম্বৰ্দ্ধনা অনুষ্ঠানটি।

বিদ্যালয়ৰ অধ্যক্ষ মুস্তাফিজুৰ ৰহমান আৰু সচিব আব্দুৰ ৰহিমে আঁতধৰা অনুষ্ঠানটিত শিক্ষক আতাউৰ ৰহমান, বৰলুইত এম ই স্কুলৰ প্ৰধান শিক্ষক হুছেইন আলী আহমেদ, বঙালপাৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰহমাতুল্লাহ আলী, শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ প্ৰাক্তন কাউন্সিলৰ অজেদ আলী, বৰচলি আঞ্চলিক জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ইন্নছ আলী, শিক্ষক আব্দুল আলিম, শিক্ষক আশ্ৰফ আলী, জ্ঞানজ্যোতি আৰোহন জাতীয় বিদ্যালয়ৰ অধ্যক্ষ চুৰুত জামাল, চেভেন ষ্টাৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ লালচান আলী, শিক্ষক মহম্মদ আলী, সমাজসেৱক ময়ান আলীকে আদি কৰি পাঁচ শতাধিক ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকা উপস্থিত থাকে।

Leave A Reply