Breaking

অসমবাসীৰ বাবে গৌৰৱৰ এক মুহূৰ্ত; কাঞ্চনজংঘাত অসমীয়াই উৰুৱালে ত্ৰিৰংগাসহ অসমীয়াৰ স্বাভিমান গামোচা

0 80

অসমবাসীৰ বাবে গৌৰৱৰ এক মুহূৰ্ত৷ ২৫ মে’ৰ পুৱা প্ৰায় ৭:১৫ বজাত দুজন অসমীয়া পৰ্বতাৰোহী ক্ৰমে – ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে ৰাষ্ট্ৰীয় পতাকা আৰু গামুছা উন্মোচন কৰে তৃতীয় সৰ্বোচ্চ পৰ্বত শৃংগ কাঞ্চনজংঘা পৰ্বতত।

ইয়াৰ লগে লগে অসম পৰ্বতাৰোহণ সন্থাই উত্তৰ-পূবৰ পৰা এই অনন্য সুখ্যাতি লাভ কৰা প্ৰথমটো সংস্থা হিচাপে পৰিগণিত হৈছে।

টুইটাৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে, “এই প্ৰচেষ্টাক সমৰ্থন কৰি আমি সন্মানিত হৈছো। মাউণ্টেইনাৰ্ছ আৰু এ এম এলৈ মোৰ অভিনন্দন।”

মাউণ্ট কাঞ্চনজংঘা অভিযান-২০২৩ আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুয়ে ফ্লেগ অফ কৰিছিল। ৰাষ্ট্ৰপতি মুৰ্মুৱে অসম ভ্ৰমণৰ সময়ত কাঞ্চনজংঘাৰ সৌন্দৰ্যক প্ৰকৃতিৰ এক অনন্য সৃষ্টি বুলি দলটোত শুভেচ্ছা জ্ঞাপন কৰিছিল। এই অভিযানত তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো সমৰ্থন লাভ কৰিছিল।

ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ পৃষ্ঠপোষকতা আৰম্ভ হৈছিল মাউণ্ট কাঞ্চনজংঘা অভিযান-২০২৩ ।

Leave A Reply