Breaking

শিৱসাগৰত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

0 86

সমগ্ৰ দেশৰ ৭৫টা ঐতিহাসিক স্থানৰ লগতে আজি শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰিতো শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু অ’.এন.জি.ছি. অসম সম্পদৰ সহযোগত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয় ।

আজিৰ এই যোগ দিৱসৰ আদৰণি ভাষণ পাঠ কৰে উপায়ুক্ত মেঘ নিধি দাহালে । যোগ দিৱসত ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ আৰু শ্ৰম আৰু নিয়োগ বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অংশগ্ৰহণ কৰি কয় যে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচেষ্টাত যোগ দিৱসে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি পাবলৈ সক্ষম হ’ল । আজি সমগ্ৰ পৃথিৱীতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে ।

এইয়া সমগ্ৰ ভাৰতবাসীৰ বাবে গৌৰৱৰ বিষয় । ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, পুৰাতত্ব বিভাগৰ অধীক্ষক পুৰাতত্ব ড০ এন. কে. চৈইন, অ’.এন.জি.ছি. অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক ৰাজেশ কুমাৰ শৰ্মা, শিৱসাগৰৰ আৰক্ষী অধীক্ষক শুভজ্যোতি বৰাইও আজিৰ এই যোগ দিৱসত বক্তব্য ৰাখে । আজিৰ এই যোগ দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল পদ্ধতিৰে কৰ্ণাটকৰ মহীশূৰৰ পৰা ভাষণ প্ৰদান কৰে । ইয়াৰ পিছতেই যোগ প্ৰশিক্ষক জয়ন্ত বেজৰ পৰিচ

Leave A Reply