পশ্চিম বংগ, কেৰালাত ৯ আল–কায়দা, জম্মু-কাশ্মীৰত ৩ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : পশ্চিম বংগ আৰু কেৰালাত মুঠ ৯ আল–কায়দা সন্ত্ৰাসবাদীক এনআইএৰ দলে গ্ৰেপ্তাৰ কৰে ৷ আনহাতে জম্মু-কাশ্মীৰত ৩ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীক নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ উল্লেখ্য যে পশ্চিম বংগত গোপন সূত্ৰে খবৰ পাই শনিবাৰে মুর্শিদাবাদৰ বিভিন্ন ঠাইত অভিযান চলাই ছটা আল-কায়দা সন্ত্ৰাসবাদীক এনআইএয়ে গ্ৰেপ্তাৰ কৰে ৷ ধৃত সন্ত্ৰাসবাদীকেইটাৰ পৰা জেহাদি সাহিত্য, নথিপত্ৰ, বহু পৰিমাণৰ ধ্বংস কৰিব পৰা সামগ্ৰী, ডিজিটেল যন্ত্র, তীক্ষ্ণ অস্ত্রশস্ত্র, দেশীয় আগ্নেয়াস্ত্র, এটা দেশীয় বুলেটপ্ৰুফ জেকেট আৰু সক্ৰিয় বোমা নিৰ্মাণ সামগ্ৰী উদ্ধাৰ কৰিছে ৷ এনআইএৰ তৰফৰ পৰা দিয়া বিবৃতিত জনাইছে যে ধৃত সন্ত্ৰাসবাদীৰ সৈতে পাকিস্তানৰ আল–কায়দা মডিউলৰ যোগাযোগ আছে ৷ দিল্লীসহ দেশৰ বিভিন্ন মেট্ৰো মহানগৰত সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা কৰিছিল এই সন্ত্ৰাসবাদীকেইটাই ৷ পশ্চিম বংগত গ্ৰেপ্তাৰ হোৱা ছটা সন্ত্ৰাসবাদী হ’ল লিউ ইয়ান আহমেদ, আবু ছুফিয়ান, নাজমুছ ছাকিব, মইনুল মণ্ডল আৰু আল মামুন কামাল। আনহাতে কেৰালাতো গ্ৰেপ্তাৰ হ’ল তিনিটা আল–কায়দা সন্ত্ৰাসবাদী ৷ কেৰালাৰ এৰ্ণাকুলামৰ বিভিন্ন ঠাইত তালাচী চলাই শনিবাৰে এনআইএয়ে গ্ৰেপ্তাৰ কৰে তিনিটা সন্ত্ৰাসবাদী ৷ ধৃত সন্ত্ৰাসবাদীকেইটা হ’ল মোছাৰফ হুছেইন, মুৰ্ছিদ হাচান আৰু ইয়াকুব বিশ্বাস। এই সন্ত্ৰাসবাদীকেইটাৰ পৰা নথিপত্র, জেহাদি সাহিত্য, অস্ত্রশস্ত্র, বিস্ফোৰক নিৰ্মাণৰ নথি, সৰঞ্জাম পোৱা গৈছে ৷ ইপিনে, জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত আছে ৷ শনিবাৰে পুৱা পুনৰ জম্মু আৰু কাশ্মীৰত তিনিটা লস্কৰ সন্ত্ৰাসবাদীক যৌথ বাহিনীৰ সদস্যই গ্ৰেপ্তাৰ কৰে ৷ জানিব পৰা মতে, বিশেষ সূত্ৰৰ পম খেদি শুকুৰবাৰে নিশা জম্মুৰ ৰাজৌৰি জিলাৰ এক এলেকাত অভিযান চলাই সেনাৰ যুটীয়া অভিযানকাৰী দলে ৷ এই অভিযানত শনিবাৰে তিনিটা লস্কৰ-ই-তৈবাৰ তিনিটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে ৷ ধৃত সন্ত্ৰাসবাদীকেইটাৰ পৰা দুটা একে ৪৭ ৰাইফল, দুটা পিস্তল, চাৰিটা গ্ৰেনেড আৰু নগদ এক লাখ টকা উদ্ধাৰ কৰে৷ ধৃত সন্ত্ৰাসবাদীকেইটাৰ পৰিকল্পনাৰ বিষয়ে জানিবৰ বাবে সেনাই জেৰা আৰম্ভ কৰিছে ৷

Related Articles