শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন: কৃষ্ণ ভক্তিৰে মুখৰিত ‘বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ’ । Srimanta Sankardeva Sangha

৮ ফেব্ৰুৱাৰী, ২০২৫ঃ Srimanta Sankardeva Sangha । যোৰহাটৰ মহবন্ধাৰ এৰালতলী পথাৰৰ ‘বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ’ত অনুষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ধৰ্মীয়, সামাজিক, সাংস্কৃতিক আৰু গণতান্ত্ৰিক একতা প্ৰতিস্থা কৰে। এই কাৰ্যসূচী লাখ লাখ ভকত-বৈষ্ণৱ আৰু শঙ্কৰদেৱৰ অনুগামীৰ অংশগ্ৰহণে এক ঐতিহাসিক পৰিৱেশৰ সৃষ্টি কৰে।

ধৰ্মধ্বজা উত্তোলনেৰে শুভাৰম্ভ
পুৱা নামঘৰত নাম-প্ৰসঙ্গৰ পাছতে কেইবা লক্ষাধিক ভক্তৰ উপস্থিতিত শঙ্ঘৰ মহামান্য পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ নেতৃত্বত ধৰ্মধ্বজা উত্তোলন কৰা হয়। গায়ন-বায়ন আৰু হৰিনামৰ ধ্বনিৰ সৈতে আয়োজনস্থলীত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়।

ভাগৱতসহ সু-বৃহৎ সাংস্কৃতিক শোভাযাত্ৰা
ধৰ্মধ্বজা উত্তোলনৰ পাছত উলিওৱা শোভাযাত্ৰাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যোৰহাট মহানগৰলৈ অভিমুখ কৰি আগবাঢ়ে। এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ শিল্পীসকল। গায়ন-বায়নৰ মাজেৰে আকাশ-বতাহ মুখৰিত কৰি এই শোভাযাত্ৰাই সাংস্কৃতিক বৈচিত্ৰ্যৰ এক বিৰল দৃষ্টান্ত স্থাপন কৰে।

মুকলি সভাত বিশিষ্ট ব্যক্তিৰ ভাষণ
দুপৰীয়াৰ বৰগীত পৰিৱেশনেৰে আৰম্ভ হোৱা মুকলি সভাত শঙ্ঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত আৰু প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্তই উদ্বোধন কৰে। সভাত উপস্থিত থাকে বিশিষ্ট অতিথি তথা সাংসদ গৌৰৱ গগৈ, দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগ, অতুল বৰা, কেশৱ মহন্ত আৰু আন কেইবাজনো গণ্যমান্য ব্যক্তি।

নির্দিষ্ট বক্তাৰূপে দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰত্নোত্তমা দাস, শিশু বক্তা হিমলীনা বৰুৱা, যুৱ বক্তা অলংকৃতা হাজৰিকা আৰু আই মাতৃ বক্তা ৰূপালী বৰাই সভাক সমৃদ্ধ কৰে।

উত্তৰ-পূৰ্বাঞ্চলৰ একতা আৰু কৃষ্টি-সংস্কৃতিৰ সমন্বয়
এই অধিৱেশনত উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতি, কৃষ্টি-সংস্কৃতিৰ সমন্বয়ৰ বিৰল উদাহৰণ স্থাপন কৰা হয়। ভক্তি আন্দোলনৰ এক নতুন দিশ উন্মোচন কৰাৰ লগতে ধৰ্মীয় আৰু সাংস্কৃতিক ঐক্যৰ প্ৰতিৱিম্ব প্ৰতিস্থা কৰে এই অনুষ্ঠানই।

উল্লেখযোগ্য ঘটনাৰ সামৰণি
শঙ্ঘৰ এই কাৰ্যসূচীয়ে কৃষ্ণ ভক্তি আৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শৰ পোহৰ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বিস্তাৰ কৰে। লাখ লাখ ভকতৰ অংশগ্ৰহণ আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীয়ে অধিৱেশনক সফলতাৰ শিখৰত পৌঁছে।

Related Articles